ETV Bharat / state

74th Republic day: গণৰাজ্য় দিৱস উপলক্ষে অসম-নগালেণ্ড সীমান্তত ব্যাপক তালাচী - Police Search operation in Assam Nagaland border

সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য় দিৱস উপলক্ষে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Awareness programme in Assam for Republic day) । বিশেষকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্য়ে নিৰাপত্তা বাহিনীক সষ্টম কৰি তোলা হৈছে ।

74th Republic day in Assam
গণৰাজ্য় দিৱস উপলক্ষে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা
author img

By

Published : Jan 24, 2023, 3:06 PM IST

গণৰাজ্য় দিৱস উপলক্ষে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা

গোলাঘাট ,২৪ জানুৱাৰী: 74 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথো এদিন (74th Republic day in India) ৷ গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ আন প্ৰান্তৰ লগতে অসমতো চলিছে ব্য়াপক প্ৰস্তুতি । ইতিমধ্য়ে ৰাজ্য়ৰ বিভিন্ন স্থানত সাজু কৰি তোলা হৈছে পেৰেড গ্ৰাউণ্ডসমূহ । সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন ঠাইতো এই দিৱস উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিবলগীয়া গণৰাজ্য দিৱসৰ বাবে সাজু হৈছে আৰক্ষীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । ধনশিৰি মহকুমাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি শতাধিক আৰক্ষী জোৱানে পেৰেড অনুশীলন অব্যাহত ৰাখিছে (Republic day preparation in Golaghat)।এন চি চি আৰু স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকলেও এই অনুশীলনত অংশগ্ৰহণ কৰিছে ।

গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ অঞ্চলসমূহত ব্যাপক তালাচী অভিযান আৰম্ভ হৈছে । ২৬ জানুৱাৰীৰ পূৰ্বে সীমান্ত অঞ্চলটোত কোনো দুস্কৃতিকাৰীয়ে যাতে কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষীয়ে চলাইছে অভিযান । অসম- নগালেণ্ড সীমান্তত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰ আৰু ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা উপস্থিত হৈ পেৰেড অনুশীলন পৰিদৰ্শন কৰে (Republic day preparation in Dhansiri)।

ইপিনে,নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক্ষীক তালাচী ব্যাপক কৰি তোলাৰ বাবে নিৰ্দেশ দিছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰে (Police Search operation in Assam Nagaland border of Golaghat)। তদুপৰি নগৰ অঞ্চলসমূহতো ব্য়াপক ৰূপত চলোৱা হৈছে আৰক্ষীৰ তালাচী অভিযান । দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে মেটেল ডিটেক্টৰৰ সহায়ত পতাকা উত্তোলনস্থলী পৰীক্ষা কৰাৰ লগতে নিৰাপত্তা বেষ্টনীও গঢ়ি তুলিছে । আনহাতে, জিলাখনৰ বিভিন্ন ঠাইত আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্র-ছাত্রীসকলে পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে । যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কৰি ৰখা হৈছে অসম আৰক্ষীৰ জোৱানসকলক ।

ৰাজ্য়ৰ বিভিন্ন ঠাইত আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসামাজিক আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে সষ্টম হ'বলৈ ইতিমধ্য়ে সজাগতামূলক সভাৰ লগতে সমদলৰ আয়োজন কৰা হৈছে (74th Republic day in Assam) । আৰক্ষীয়ে ৰাইজক এইক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:G20 summit in Guwahati: জি ২০ সন্মিলন উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.