ETV Bharat / state

প্ৰীতি ক্ৰিকেট খেলত গোলাঘাট সাংবাদিক সংস্থাৰ জয়লাভ - দেবৰাজ ৰয় মহাবিদ্যালয়

২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মল কৰাৰ লক্ষ্যৰে গোলাঘাটত আয়োজন কৰা হয় প্ৰীতি ক্ৰিকেট মেচ ৷ খেলখনত গোলাঘাট সাংবাদিক সংস্থাৰ দলে কৰে জয়লাভ ৷

প্ৰীতি ক্ৰিকেট খেলত গোলাঘাট সাংবাদিক সংস্থাৰ জয়লাভ

author img

By

Published : Mar 19, 2021, 1:30 PM IST

গোলাঘাট,19 মাৰ্চঃ গোলাঘাটত এক প্ৰীতিমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয় । ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মল কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় প্ৰীতি ক্ৰিকেট খেলখন । প্ৰীতি খেলখনত গোলাঘাট সাংবাদিক সংস্থাৰ দলে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ যক্ষ্মা ৰোগৰ স্বাস্থ্য কৰ্মচাৰী আৰু যক্ষ্মাৰপৰা আৰোগ্য লাভ কৰা লোকসকলৰ দলক পৰাস্ত কৰে ।

প্ৰীতি ক্ৰিকেট খেলত গোলাঘাট সাংবাদিক সংস্থাৰ জয়লাভ

প্ৰীতিমূলক খেলখনত গোলাঘাট জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে গোলাঘাট যক্ষ্মা বিভাগৰ মুৰব্বী চিকিৎসক ডা০ সুনীতা এক্কাই ৷ গোলাঘাটৰ দেবৰাজ ৰয় মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত যক্ষ্মা চিকিৎসা স্বাস্থ্য কৰ্মীসকলৰ দলটো ৬ ৰাণত পৰাস্ত হয় । উক্ত প্ৰীতি খেলত মেন অৱ দা মেচ লাভ কৰে নিউজ লাইভৰ সাংবাদিক দীপক হাজৰিকাই ।

লগতে পঢ়কঃ এজেপিৰ মৰাণৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাইৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.