ETV Bharat / state

অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি মৃত্যুবাৰ্ষিকী

author img

By

Published : Dec 17, 2021, 10:33 PM IST

অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি "জয়মতী"ত (১৯৩৫) নাম ভূমিকাৰে অভিনয় কৰি প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে এইগৰাকী মহিয়ান মহিলাই । কিন্তু এই চলচিত্ৰখনত অভিনয় কৰাৰ বাবে এইগৰাকী মহিলাই সমগ্ৰ জীৱন সমাজৰ পৰা এঘৰীয়া হৈ অবিবাহিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল ৷ কিন্তু মৃত্যুৰ পাছতো এইগৰাকী মহিয়ান নাৰী ৰজাঘৰৰ পৰা অৱহেলিত হৈ থাকিল ৷

Aideu Handique Death anniversary
অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি স্মৃতি দিৱস

গোলাঘাট, 17 ডিচেম্বৰ : অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি "জয়মতী"ত (১৯৩৫) নাম ভূমিকাত অভিনয় কৰি প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে আইদেউ সন্দিকৈ(Assamese cinema First actress Aideu Handique)য়ে । কিন্তু বোলছবিখনত এগৰাকী সহ-অভিনেতাক 'বঙহৰদেউ' (স্বামী) বুলি সম্বোধন কৰাৰ বাবেই তেখেত চিৰজীৱন আবিয়ৈ হৈ থাকিবলগীয়া হয় ।

গোলাঘাটৰ জিলাৰ বোকাখাতৰ পানীদিহিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল আইদেউ সন্দিকৈয়ে ৷ জয়মতীত অভিনয় কৰাৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । সেই সময়ত সমাজত নাৰীসকলৰ ক্ষেত্ৰত যথেষ্ট বাধা-নিষেধাজ্ঞা আছিল ৷ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্য লাভ কৰি সমাজৰ বাধাৰ প্ৰাচীৰ নেওচি অভিনয় কৰিবলৈ আগবাঢ়ি আহিছিল আইদেউ সন্দিকৈয়ে । পিছে এই সাহসৰ প্ৰতিদানত তেওঁ সন্মুখীন হ’বলগীয়া হৈছিল বহু তিৰস্কাৰৰ । বোলছবিখন নিৰ্মাণ হোৱাৰ পাছত যেতিয়া আইদেউ সন্দিকৈ নিজৰ জন্মস্থান পানীদিহিঙীয়া গাঁৱলৈ উভতি যায়, তেতিয়া কিন্তু তেখেতৰ লগতে পৰিয়ালটোক সমাজে এঘৰীয়া কৰে ।

সেই সময়ত এগৰাকী যুৱতীয়ে বোলছবিত অভিনয় কৰাটো সমাজত এটা লাজৰ কথা বুলি গণ্য কৰা হৈছিল । এমাহে ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা ‘কেম্প’তে থকাটো পাপ কাম বুলি গণ্য কৰা হৈছিল । তেওঁৰ জীৱনৰ বিড়ম্বনা এয়ে যে, ছবিখনত জয়মতীৰ স্বামী গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ফুনু বৰুৱাক ‘বঙহৰদেউ’, অৰ্থাৎ ‘মৰমৰ স্বামী’ বুলি সম্বোধন কৰাৰ বাবেই গোটেই জীৱন তেওঁ অবিবাহিত হৈ থাকিবলগীয়া হৈছিল । আইদেউ সন্দিকৈক পৰৱৰ্তী সময়ত অসম চৰকাৰে পেঞ্চন প্ৰদান কৰিছিল ।

২০০২ চনৰ ১৭ ডিচেম্বৰত এইগৰাকী মহান শিল্পী আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে । আজি প্ৰথমগৰাকী অসমীয়া চিনেমাৰ অভিনেত্ৰী তথা “জয়মতী” সদৃশ ত্যাগৰ প্ৰতীক আইদেউ সন্দিকৈৰ 19 তম মৃত্যুবাৰ্ষিকী ৷ কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আৰু আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণ সমিতিৰ সহযোগত স্থানীয় ৰাইজে এই দিনটো স্মৃতি দিৱস হিচাপে পালন কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে এইগৰাকী মহিয়সী নাৰীৰ মৃত্যুৰ দিনটো চৰকাৰীভাৱে উপেক্ষিত হৈ ৰ’ল ৷ বোকাখাতত এজন কেবিনেট মন্ত্ৰী থকাৰ পিছতো আজিৰ তাৰিখত তেখেতৰ সংগ্ৰহালয়ত কোনো চৰকাৰী লোক উপস্থিত নহ’ল ৷ চৰকাৰীভাৱে ক’তো প্ৰজ্বলিত কৰা নহ’ল এগছি বন্তি ৷ চৰকাৰৰ এই অৱহেলাত ক্ষোভ প্ৰকাশ কৰে আইদেউ সন্দিকৈৰ পৰিয়ালৰ ভতিজা-বোৱাৰীয়ে । চৰকাৰে বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও সেয়া প্ৰতিশ্ৰুতিৰ মাজতে থকাৰ কথা ব্যক্ত কৰে আইদেউ সন্দিকৈৰ ভতিজা-বোৱাৰীয়ে ৷

লগতে পঢ়ক : নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.