ETV Bharat / state

দুমাহত অন্তত খেদি-খেদি আটক কৰিলে ধৰ্ষণকাৰীকঃ ঘটনাটো অসমৰে

author img

By

Published : Jul 6, 2020, 4:16 PM IST

বিগত দুমাহ পূৰ্বে গোলাঘাটৰ নুমলীগড়ৰ উদয়ন চাহ বাগিচাত সংঘটিত হোৱা জঘন্য ধৰ্ষণৰ ঘটনাৰ তথ্য দেওবাৰে পোহৰলৈ আহে ৷ ২১ বছৰীয়া যুৱতীক চিবু মাঝি নামৰ লোকজনে কৰা ধৰ্ষণৰ তথ্য পোহৰলৈ অহাৰ পিছতে গাঁওবাসীসহ যুৱতীগৰাকীৰ পৰিয়ালে খেদি-খেদি আটক কৰে অভিযুক্ত ধর্ষণকাৰী চিবু মাঝিক । ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

দুমাহ পূৰ্বে হোৱা জঘণ্য ধৰ্ষণৰ ঘটনাৰ তথ্য ফাদিল

গোলাঘাট, 6 জুলাই : গোলাঘাট জিলাৰ নুমলীগড়ৰ উদয়ন চাহ বাগিচাত সংঘটিত হোৱা এক জঘন্য ধৰ্ষণৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এগৰাকী ২১ বছৰীয়া যুৱতীক ধৰ্ষণ কৰে দুই সন্তানৰ পিতৃ চিবু মাঝি নামৰ লোকজনে ।

উল্লেখ্য যে, দুমাহ পূৰ্বে যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল লোকজনে । এই সমগ্ৰ ঘটনা লুকুৱাই ৰাখিবলৈ যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল লম্পট চিবু মাঝিয়ে ।

অৱশেষত দুমাহৰ অন্তত দেওবাৰে নিশা পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ বিষয়ত অৱগত হৈ গাঁওবাসীসহ যুৱতীগৰাকীৰ পৰিয়ালে খেদি খেদি আটক কৰে অভিযুক্ত ধর্ষণকাৰী চিবু মাঝিক । ইয়াৰ পিছতে স্থানীয় ৰাইজে ধর্ষণকাৰীটোক মাৰ-ধৰ কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে । ইফালে যুৱতীগৰাকী বৰ্তমান অন্তঃসত্বা বুলি জানিব পৰা গৈছে । ইতিমধ্যে বগীজান আৰক্ষীয়ে 30/2020 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : নিশ্চিহ্ন হোৱাৰ দিশে জলেশ্বৰৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.