ETV Bharat / state

সৰুপথাৰত ৰে’লৱেৰ উচ্ছেদ অভিযান - sarupathar

১৭ টা পৰিয়ালৰ ওপৰত ৰে’লৱ বিভাগে উচ্ছেদ চলায় যদিও ৰে’লৱে বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী মোহন দেৱৰ পৰিয়ালটোক এৰি বাকী পৰিয়ালসমূহক উচ্ছেদ চলোৱাত ক্ষুন্ন হৈ পৰে উচ্ছেদিত পৰিয়াল কেইটা ।

ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান
author img

By

Published : Jul 7, 2019, 1:15 PM IST

Updated : Jul 7, 2019, 2:57 PM IST

সৰুপথাৰ , ০৭ জুলাই :উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ লামডিং ডিভিজনৰ অন্তৰ্গত সৰুপথাৰ ষ্টেচনৰ সমীপৰ ৰে’ল বিভাগৰ ভূমিত অবৈধ ভাৱে বেদখল কৰি বসবাস কৰি থকা পৰিয়ালৰ ওপৰত দেওবাৰে ৰে’ল বিভাগে উচ্ছেদ অভিযান চলায় । ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ষ্টেচনৰ সমীপত থকা ১৭ টা পৰিয়ালৰ বাসগৃহ সমূহ এক্সেভেটৰ জৰিয়তে উচ্ছেদ কৰে ।

etv bharat assam
ৰেলৱে বিভাগৰ উচ্ছেদ অভিযান

ইতিপূৰ্বে ৰে’লৱে কৰ্তৃপক্ষই ষ্টেচনৰ সমীপত থকা লোক সকলক কেইবাবাৰো জাননী দিয়াৰ পাচত আজি এই উচ্ছেদ অভিযান চলায় । এই ক্ষেত্ৰত অসম আৰক্ষীয়ে ৰে’লৱে আৰক্ষীক পূৰ্ণ সহযোগ কৰে । আনহাতে ১৭ টা পৰিয়ালৰ ওপৰত ৰে’ল বিভাগে উচ্ছেদ চলায় যদিও ৰে’ল বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী মোহন দেৱৰ পৰিয়ালটোক এৰি বাকী পৰিয়ালসমূহক ৰে’ল বিভাগে উচ্ছেদ চলোৱাত ক্ষুন্ন হৈ পৰে উচ্ছেদিত পৰিয়াল কেইটা । জানিব পৰা মতে ৰেলৱে বিভাগৰ উচ্ছেদৰ জাননী পাই মোহিনী মোহন দেৱ পৰিয়ালটোয়ে কিছুদিন সময় বিচাৰি ন্যায়ালয়ৰ দ্বাৰাসহ হয় । যাৰবাবে, ন্যায়ালয়ে পৰিয়ালটোক এসপ্তাহৰ সময় দিয়াৰ বাবে আজি ৰেলৱে বিভাগে উচ্ছেদৰ পৰা বিৰত থাকে ।

সৰুপথাৰত ৰে’লৱেৰ উচ্ছেদ অভিযান

Intro:ৰেলৱে বিভাগৰ ভূমিত অবৈধ ভাৱে বেদখল কৰি বসবাস কৰি থকা ১৭ টা পৰিয়ালক আজি পূৱাৰে পৰা ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেলৱে বিভাগে সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপত উচ্ছেদ অভিযান চলাই Body:উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিং ডিভিজনৰ অন্তৰ্গত সৰুপথাৰ ষ্টেচনৰ সমীপত থকা ১৭ টা পৰিয়ালক ৰেল বিভাগে এক্সেভেটৰ জড়িয়তে বাসগৃহসমূহ উচ্ছেদ কৰে |ইতিপূৰ্বে ৰেলৱে কৰ্তৃপক্ষই কেইবাৰো জাননী দিয়াৰ পাচত আজি উচ্ছেদ চলাই | এই ক্ষেত্ৰত ৰেলৱে আৰক্ষীক পূৰ্ণ সহযোগ কৰে অসম আৰক্ষীয়ে |

অন্যহাতে ১৭ টা পৰিয়ালক উচ্ছেদ চলাই যদিও ৰেলৱে বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী মোহন দেৱৰ পৰিয়ালটোক এৰি বাকী পৰিয়ালসমূহক ৰেলৱে বিভাগে উচ্ছেদ চলোৱাত ক্ষুন্ন হৈ পৰে উচ্চেদিত পৰিয়ালে...

ইফালে ৰেলৱে বিভাগৰ উচ্ছেদৰ জাননী পাই কিছুদিন সময় বিচাৰি ন্যায়ালয়ৰ দ্বাৰাস্হ হয় মোহিনী মোহন দেৱ পৰিয়ালটোয়ে | যাৰবাবে, ন্যায়ালয়ে পৰিয়ালটোক এসপ্তাহৰ সময় দিয়াৰ বাবে আজি ৰেলৱে বিভাগে উচ্ছেদৰ পৰা বিৰত থাকে |
Conclusion:Byte -- দণ্ডাধীশ
Byte 2-- উচ্ছেদিত লোক
Byte 3 --মোহিনীৰ পৰিয়াল

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Jul 7, 2019, 2:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.