বোকাখাত, 16 নৱেম্বৰ : গ্ৰাম্য অৰ্থনীতি উন্নয়ন আৰু নিবনুৱা সংস্থাপনৰ লক্ষ্যৰে গোলাঘাট জিলাৰ বোকাখাতত বিশেষ অভিযান আৰম্ভ পাঞ্জাৱ নেশ্যনেল বেংক(Punjab National Bank)ৰ ৷ সোমবাৰে বোকাখাতত খণ্ড উন্নয়ন কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ উপায়ুক্তৰ উপস্থিতিত 130 গৰাকী প্ৰশিক্ষাৰ্থীক গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা মান-পত্ৰ প্ৰদান কৰা হয় ।
![punjab national bank initiative at bokakhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13647715_gfjgfhg.jpg)
2016 চনত গঠন হোৱা গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ সংস্থাই ৰাজ্যখনৰ বিভিন্ন স্থানত এনে প্ৰশিক্ষণৰ দ্বাৰা নিৱনুৱা যুৱক-যুৱতীৰ বাবে মুকলি কৰি আহিছে আত্মসংস্থাপনৰ পথ । বোকাখাততো পাঞ্জাৱ নেশ্যনেল বেংকৰ উদ্যোগত সহযোগী বেংকসমূহৰ প্ৰচেষ্টাত চাৰিটা স্তৰত শিক্ষাৰ্থীসকলক দহদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
![punjab national bank initiative at bokakhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13647715_ngvgv.jpg)
বিশেষকৈ গাহৰি পালন, গো পালন, মুৰ্গী পালন আৰু কেঁচুসাৰ প্ৰস্তুত কৰাৰ কৌশলৰ লগতে বৈজ্ঞানিক পদ্ধতিসমূহৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষাৰ্থীসকলক । প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষাৰ্থীসকলে আত্মসংস্থাপনৰ বাবে নিজ গৃহতে ফাৰ্ম খুলি স্বাৱলম্বীতাৰ পথ মুকলি কৰি আছে । আনকি ক্ষুদ্ৰ ব্যৱসায়ক আগবঢ়াই নিবৰ বাবে পাঞ্জাৱ নেশ্যনেল বেংকৰ সহযোগীসকলে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষাৰ্থীক ঋণ প্ৰদান কৰাৰ কথা ব্যক্ত কৰে ।
![punjab national bank initiative at bokakhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13647715_hfgchgf.jpg)
উক্ত অনুষ্ঠনত উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, গোলাঘাট জিলা পৰিষদৰ সভাপতি ধীৰাজ দাস, DRDAৰ PD অবিনাশ শইকীয়া, জিলা দণ্ডাধীশ, চৌমিক দত্ত, PNBৰ চাৰ্কল মুখ্য মঞ্জিত সিঙৰ লগতে বিভাগীয় বিষয়ববীয়াসকল । পাঞ্জাৱ নেশ্যনেল বেংকৰ এনে পদক্ষেপে অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানত বিশেষ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি ।
লগতে পঢ়ক : Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল