ETV Bharat / state

গোলাঘাট ক'ভিড-19 চিকিৎসালয়ত চাফাই কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Jul 24, 2020, 4:08 PM IST

গোলাঘাট ক'ভিড-19 চিকিৎসালয়ত 12 জন চাফাই কৰ্মীৰ প্ৰতিবাদ ৷ চিকিৎসালয়ৰ ভিতৰতে অৱস্থান ধৰ্মঘট কৰে চাফাই কৰ্মীসকলে ৷

চিকিৎসালয়ৰ ভিতৰত অৱস্থান ধৰ্মঘট
গোলাঘাট ক'ভিড-19 চিকিৎসালয়ত চাফাই কৰ্মীৰ প্ৰতিবাদ

গোলাঘাট, 24 জুলাই : গোলাঘাট ক'ভিড-19 চিকিৎসালয়ত চাফাই কৰ্মীৰ প্ৰতিবাদ । ক'ভিড-19 চিকিৎসালয়ৰ 12 গৰাকী চাফাই কৰ্মীয়ে কৰ্ম বিৰতি পালন কৰি চিকিৎসালয়ৰ ভিতৰতে অৱস্থান ধৰ্মঘট কৰে । ক'ভিড-19 চিকিৎসালয়ৰ চাফাই কৰ্মত নিয়োজিত কৰি তিনি মাহ ধৰি দৰমহা আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে ।

এই 12 গৰাকী চাফাই কৰ্মীক তিনিমাহ পূৰ্বে অস্থায়ী নিযুক্তি প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে । মাহিলী দৰমহা 15,000 টকা আৰু চাকৰি নিয়মীয়া কৰণৰ প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই । কৰ্তৃপক্ষই দৰমহা আদায় নকৰাত চাফাই কৰ্মীসকলে অভিযোগ দিয়াত 6,000 টকা দৰমহাৰ প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই । তিনিমাহ উকলি যোৱাৰ পিছতো দৰমহা নোপোৱাত শুকুৰবাৰে প্ৰতিবাদত বহে চাফাই কৰ্মীসকল । কৰ্মচাৰীসকলে চকুপানী টুকি কৰ্তৃপক্ষৰ ওচৰত প্ৰাপ্য দাবী কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱত আটক চোৰাংচিকাৰীৰ দলৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.