ETV Bharat / state

দিব্যজ্যোতি দাসৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

author img

By

Published : May 23, 2022, 9:59 PM IST

সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল গোলাঘাট চহৰ । দিব্যজ্যোতি দাসৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিল শতাধিক ৰাইজ(Protest in Golaghat against Dibyajyoti Das murder case) । উত্থাপন কৰিলে হত্যাকাৰীক উচিত শাস্তিৰ দাবী ।

Protest in Golaghat against Dibyajyoti Das murder case
দিব্যজ্যোতি দাসৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে গোলাঘাটত ৰাজহুৱা প্ৰতিবাদ

গোলাঘাট,২৩ মে': দিব্যজ্যোতি দাসৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ(Protest in Golaghat against Dibyajyoti Das murder case) । এজনক হত্যা কৰাৰ লগতে পত্নী পুত্ৰক নৃশংসতাৰে হত্যা কৰিবলৈ চেষ্টা কৰা নাজিদুৰক উচিত শাস্তিৰ দাবীত গোলাঘাটত সাব্য়স্ত কৰা হয় ৰাজহুৱা প্ৰতিবাদ ।

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্চক বুকুত ধৰি গতিয়াই দিয়া আৰু মৃত দিব্যজ্যোতি দাসৰ গাঁওখন জ্বলাই দিয়াৰ ভাবুকি দিছিল হত্যাকাৰী নাজিদুৰ আৰু পৰিয়ালৰ লোকে । এই সকলো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই গোলাঘাটত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

দোষীক উচিত শাস্তিৰ প্ৰদানৰ দাবীত গোলাঘাট নগৰৰ মাজমজিয়াত জনতাই সাব্যস্ত কৰে এই উত্তপ্ত প্ৰতিবাদ । গোলাঘাট প্ৰশাসন হাই হাই, দিব্যজ্যোতি দাসৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰক আদি শ্ল'গানেৰে উত্তাল কৰিলে প্ৰতিবাদী জনতাই ।

ইফালে প্ৰতিবাদকাৰীসকলে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদানৰ বাবে যোৱাৰ পথত বাধা প্ৰদান কৰে প্ৰশাসনৰ লোকে । ইয়াৰ মাজতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা বেৰিকেট আঁতৰাই আগবাঢ়ি যোৱা প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় । অৱশেষত প্ৰতিবাদকাৰীসকলে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰে উপায়ুক্তক প্ৰদান কৰিলে এখন স্মাৰক পত্ৰ ।

লগতে পঢ়ক: প্ৰতিশ্ৰুতি অসাৰ: ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিলে বাঁহৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.