ETV Bharat / state

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ - protest in goaghat by patient attendees

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত থকা একাংশ অভিভাৱকে বৃহস্পতিবাৰে নিশা সাব্য়স্ত কৰে প্ৰতিবাদ ৷ কিছুদিন পূৰ্বে কৰ্তব্যৰত চিকিৎসাকৰ্মীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰা গোলাঘাট নাৰ্চিং হোমৰ পৰা প্ৰসূতি আৰু সদ্যোজাত শিশুসকলক স্থানান্তৰ কৰি একেটা কক্ষতে ৰখাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest in goaghat by patient attendees
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ
author img

By

Published : Jun 19, 2020, 3:10 PM IST

গোলাঘাট, 19 জুনঃ বৃহস্পতিবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত থকা একাংশ অভিভাৱকে বিচনাতে প্ৰসূতি আৰু সদ্যোজাত শিশুক এৰি বাহিৰত অৱস্থান কৰি প্ৰতিবাদমুখৰ হৈ পৰিল চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ

তেওঁলোকৰ অভিযোগ গোলাঘাট নাৰ্চিং হোমৰ পৰা স্থানান্তৰ কৰা চিকিৎসাধীন প্ৰসূতিক, অসামৰিক চিকিৎসালয় খনৰ একেটা প্ৰসূতি কক্ষতে ৰখাৰ ব্যৱস্থা কৰিছে ৷ অভিভাৱক সকলৰ প্ৰতিবাদৰ পিচতহে আছুতীয়া কক্ষলৈ প্ৰেৰণ কৰে নাচিং হোমৰ পৰা অহা প্ৰসূতি সকলক ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই চিকিৎসালয়খনত আৰক্ষী মোতায়েন কৰা হয় ৷ উল্লেখ্য যে, গোলাঘাট নাৰ্চিং হোমত কৰ্তব্যৰত লেৱৰেটৰী টেকনিচিয়ান আৰু নাৰ্চৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰা নাৰ্চিং হোম খনৰ প্ৰসূতি আৰু সদ্যোজাত শিশুসকলক স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়কঃ কোভিড-19 ৰ নিয়মকলৈ কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.