বোকাখাত, 6 অক্টোবৰ: পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এটা খৰ্গযুক্ত গঁড়ৰ বাসস্থান হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ৷ আন্তঃৰাষ্ট্ৰীয় পক্ষীজীৱন' (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) বুলিও স্বীকৃতি দিছে । ভাৰতৰ অন্যান্য উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত সফলতা লাভ কৰা হৈছে । কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ সফলতাৰ আঁৰত আছে বহু সংখ্যক লোক ৷
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে উদ্যানখনৰ সুৰক্ষাৰ স্বাৰ্থত দিনা নিশাই নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে ৷ কিন্তু নিস্বাৰ্থ সেৱা আগবঢ়ালেও এওঁলোকৰো আছে এখন সংসাৰ ৷ আজিকোপতি নিয়মীয়াকৰণ নহ’ল এওঁলোকৰ চাকৰি ৷ উদ্যানখনত চালক, মাউত, ঘাচি, চাফাই আদি বিভিন্ন কামত নিয়োজিত হৈ আহিছে ৩১২ গৰাকী সাময়িক কৰ্মী (312 temporary workers working in Kaziranga)।
আজি বোকাখাতত অনুষ্ঠিত হয় কাজিৰঙাত কৰ্মৰত সাময়িক কৰ্মীৰ এক সংবাদমেল (Press conference by Temporary workers of Kaziranga in Bokakhat) ৷ সংবাদমেলযোগে সাময়িক কৰ্মীসকলে কয়, "কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাময়িক কৰ্মীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰিব বুলি কৈছিল যদিও সাময়িক কৰ্মীসকলৰ সম্পূৰ্ণ সা-সুবিধা দিব বুলি কৈছিল ৷ সেয়েহে এই বিষয়ে পুনৰ চিন্তা-চৰ্চা কৰি আমাক শীঘ্ৰেই এটা সু-ফল দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছো ৷"
তেওঁলোকে লগত কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন জীৱ-জন্তুৰে ভৰা ৷ সেয়েহে উদ্যানখনত কৰ্মৰত অৱস্থাত জীৱ-জন্তুৰ আক্ৰমণত বহু লোক হতাহত হোৱাৰ লগতে কাৰোবাৰ যদি হাত ভাঙিছে আন কাৰোবাৰ আকো ভৰি ভাঙিছে ৷ গতিকে তেওঁলোকৰ বাবে এটা ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছোঁ ৷"
লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট