ETV Bharat / state

কাজিৰঙা ভ্ৰমণ সামৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে - President Ramnath Kovind

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind) অন্তিম দিনা অৰ্থাৎ দেওবাৰে হাতী চাফাৰীৰে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)।

prasident-ram-nath-kovin-enjoys-elephant-ride-in-kaziranga-national-park
কাজিৰঙা ভ্ৰমণ সামৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
author img

By

Published : Feb 27, 2022, 9:36 PM IST

বোকাখাত, 27 ফেব্ৰুৱাৰী : কাজিৰঙা ভ্ৰমণ সামৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ramnath Kovind) ৷ শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পত্নী তথা দেশৰ ‘ফাষ্ট লেডী’ সবিতা কোৱিন্দ আৰু কন্যা স্বাতি কোৱিন্দসহ জীপ চাফাৰী কৰি কাজিৰঙা (Kaziranga National Park) ৰ বাগৰি বনাঞ্চল দৰ্শন কৰে ।

কাজিৰঙা ভ্ৰমণ সামৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

দেওবাৰে পুৱা 6.30 বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পত্নী আৰু কন্যাৰ সৈতে কজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতী আৰু জীপ চাফাৰী কৰি কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে (Prasident Ram Nath Kovin enjoys elephant ride in Kaziranga National Park) । প্ৰায় এঘণ্টা জোৰা কাজিৰঙা ভ্ৰমণৰ সময়ছোৱাত পথত নিচেই কাষৰ পৰা গঁড় দেখাৰ লগতে এটা প্ৰকাণ্ড ঈগলে মৎস্য চিকাৰৰ বিৰল দৃশ্যও উপভোগ কৰিলে ৰাষ্ট্ৰপতি আৰু পত্নী-কন্যাই । এনেদৰে বন্যপ্ৰাণীৰ মুক্ত বিচৰণ, চৰাই চিৰিকটি, বনজ সম্পদ আদি মনোমোহা পৰিৱেশ প্ৰত্যক্ষ কৰি আপ্লুত হয় ৰাষ্ট্ৰগৰাকী আৰু তেওঁৰ পত্নী,কন্যা ।

লগতে, কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখৰ প্ৰৱেশদ্বাৰৰ সমীপত বিগত বৰ্ষত জ্বলাই দিয়া গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মিত এটা গঁড়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি আৰু পত্নী-কন্যাৰ কাজিৰঙা দৰ্শনত সংগ দিয়ে ৰাজ্যৰ তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা, পৰিমল শুক্লবৈদ্য আৰু কেশৱ মহন্তই৷ দেওবাৰে কাজিৰঙা ভ্ৰমণ সামৰি বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ হেলিপেডত উপস্থিত ৰাষ্ট্ৰপতি ।

হেলিপেডত ৰাষ্ট্ৰপতিগৰাকীক বিদায় জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । বিদায়পৰত ৰাষ্ট্ৰপতি পৰিয়ালক উপহাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইফালে, দেশৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ কাজিৰঙা দৰ্শনে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি সকলোৱে আশা কৰিছে ৷

লগতে পঢ়ক : Russia-Ukraine crisis : পুনৰ ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি ছয় অসমীয়া শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.