ETV Bharat / state

Diwali 2022 in Assam: ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ - Pottery Artists in Nagarbera

ৰাজ্যৰ চৌদিশে চলিছে দীপাৱলীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো । মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ মাটিৰ চাকি (Diwali 2022 in Assam) ৷

Pottery artists clay candles of various shapes for Diwali in Assam
ৰাজ্যৰ চোদিশে পোহৰৰ উৎসৱ দিপাৱলীক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ
author img

By

Published : Oct 22, 2022, 2:04 PM IST

বোকাখাত/ নগৰবেৰা, 22 অক্টোবৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো এটা দিন বাকী (Diwali 2022 ) । ৰাজ্যৰ চৌদিশে চলিছে দীপাৱলীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো । দীপাৱলীত পোহৰৰ মেলা পাতিবলৈ ব্যস্ত হৈ পৰিছে বোকাখাতৰ মৃৎ শিল্পীসকলো । দীপাৱলীৰ দিনা ঘৰখনৰ চৌপাশ পোহৰাই তুলিবলৈ মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ মাটিৰ চাকি (Diwali 2022 in Assam) ৷

ৰাজ্যৰ চোদিশে পোহৰৰ উৎসৱ দিপাৱলীক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ

বৰ্তমান সময়ত চীন দেশীয় বৈদ্যুতিক সামগ্ৰীয়ে দীপাৱলীৰ বজাৰ ভৰি পৰাৰ পাছতো কমি যোৱা নাই মাটি চাকিৰ গুৰুত্ব । বোকাখাত মহকুমাৰ ৰাইজক যোগান ধৰিবৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । 1 লাখ মাটি চাকি প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰাৰ প্ৰস্তুতি চলাইছে শিল্পীসকলে । আনহাতে মিঠাতেলৰ মূল্য বৃদ্ধিয়ে দীপাৱলীত মাটি চাকি প্ৰজ্বলনৰ পৰম্পৰাক কিছু পৰিমানে ম্লান কৰিব বুলি আশংকা প্ৰকাশ কৰিছে মৃৎ শিল্পীসকলে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাৰ কল্যাণপুৰ পালপাৰা গাঁৱৰ প্ৰতিটো পৰিয়ালত চলিছে সীমাহীন ব্যস্ততা । কিয়নো গাঁওখনৰ প্ৰতিটো পৰিয়ালে বনাইছে হাজাৰ হাজাৰ মাটিৰ চাকি । দীপাৱলীৰ সময়ছোৱাতে গাঁওখনৰ মৃৎ শিল্পীসকলে লাখ লাখ মাটিৰ চাকি তৈয়াৰ কৰি আৰ্থিক দিশত সকাহ লাভ কৰিছে ।

লগতে পঢ়ক: Pottery Artists of Raha: দ্বীপান্বিতাত পোহৰাবলৈ সাজু ৰহাৰ মৃৎ শিল্পী

একাংশই নিজৰ ঘৰৰ পৰাই পাইকাৰী ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ বিপৰীতে আন একাংশই গুৱাহাটীৰ বজাৰত বিক্ৰী কৰিছে চাকিসমূহ (Pottery artists clay candles of various shapes for Diwali in Assam)। বিগত দুটা বছৰ ক’ভিড কালৰ বাবে দীপাৱলী সেমেকা আছিল যদিও চলিত বৰ্ষত ব্যাপক হাৰত বৃদ্ধি পাইছে চাকিৰ চাহিদা ।

অনুৰূপভাৱেই পাইকাৰী বজাৰত বৃদ্ধি পাইছে মাটিৰ চাকিৰ দামো (Pottery Artists in Nagarbera) । ইপিনে বকোৰ মালিবাৰী পালপাৰাতো চাকি তৈয়াৰ কৰাত ব্যস্ত মৃৎ শিল্পীসকল । গাঁওখনৰ পৰা কেইবা লাখ চাকি ইতিমধ্যে বিক্ৰীৰ বাবে লৈ যোৱা হৈছে গুৱাহাটীলৈ ।

উল্লেখ্য যে, দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া পোহৰৰ উৎসৱ । প্ৰতিবছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দুসকল, জৈন সকল, শিখ সকল, আৰু বৌদ্ধসকলে এই উৎসৱ পালন কৰে । এই উৎসৱ অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে । দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয় ।

দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয় । গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয় ।

লগতে পঢ়ক: Diwali 2022: দীপাৱলীৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.