ETV Bharat / state

সৰুপথাৰত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Jun 2, 2021, 9:40 PM IST

সৰুপথাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সমষ্টিটোৰ মৰঙিত ঠিকাদাৰে পথ নিৰ্মাণত দুৰ্নীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ৪০০ মিটাৰ দৈৰ্ঘৰ উদয়ন চাহ বাগিচাৰ মূল পথৰ লগত সংযোগ হোৱা গৰঙা বস্তি সংযোগী পথ পথটোৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে ৷

poor-road-construction-in-sarupathar
সৰুপথাৰত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ

গোলাঘাট, 2 জুন : উন্নয়ন আৰু পৰিৱৰ্তন এই সংকল্পৰে অসমত পুনৰবাৰ ক্ষমতাত আহিল বিজেপি চৰকাৰ । বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা সৰুপথাৰ সমষ্টিও প্ৰথমবাৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হ'ল বিজেপি দলে । কিন্তু উন্নয়ন আৰু পৰিৱৰ্তন এই দুটা সংকল্প ধূলিসাৎ কৰি সৰুপথাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৰ্তমান সমষ্টিটোৰ মৰঙিত ঠিকাদাৰে পথ নিৰ্মাণত দুৰ্নীতি চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে । নিৰ্মাণৰ ১৩ দিনতে বিধ্বস্ত হৈছে এটা পথ । যিসময়ত দুৰ্নীতিমুক্ত অসম নিৰ্মাণৰ সংকল্পৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিছে সেই সময়তে একাংশ বিজেপি যুৱ মৰ্চাৰ বিষয়ববীয়া, বিজেপিৰ পালি নেতাই সমষ্টিটোত চৰকাৰী ধন লুণ্ঠনৰ জাল পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

সমষ্টিটোৰ অধীনৰ মৰঙি মৌজাৰ ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত উদয়ন চাহ বাগিচাৰ মূল পথৰ লগত সংযোগ হোৱা গৰঙা বস্তি সংযোগী পথৰ দুৰৱস্থাই ৰাইজক জলা-কলা খুৱাইছে ৷ নিৰ্মাণৰ মাত্ৰ ১৩ দিনতে জহি-খহি গৈছে পথটো ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত পথটোৰ ঠিকাদাৰ স্বয়ং দুজন বিজেপিৰ বিষয়ববীয়া ৷ ৪০০ মিটাৰ দৈৰ্ঘৰ এই পথটোৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ঠিকাদাৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে ৷ এইক্ষেত্ৰত শীঘ্ৰেই ঠিকাদাৰ ৰূপী বিজেপিৰ বিষয়ববীয়া দুজনৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: চিকিৎসক নিগ্ৰহ কাণ্ড : অসম চিকিৎসা মহাবিদ্যালয়তো প্ৰতিবাদৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.