ETV Bharat / state

গোলাঘাটত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ - পংকা চাৰিআলি

গোলাঘাটত দীৰ্ঘ দিন ধৰি ঠিকাদাৰে পথ নিৰ্মাণত হেমাহি কৰাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

ETV BHARAT
গোলাঘাটত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ
author img

By

Published : May 27, 2020, 12:30 PM IST

গোলাঘাট, 27 মে': গোলাঘাটত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে । দুই বছৰ ধৰি জগত শইকীয়া নামৰ ঠিকাদাৰজনে নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে গোলাঘাটৰ পংকা চাৰিআলিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলং খনৰ ৷ ১ নং ৰংবং, বগামাটি, ৪ নং ৰংবং, কাৰ্বিআংলঙৰ লোকৰ বাবে পথটোৱে একমাত্ৰ যোগাযোগৰ মাধ্যম ৷ কিন্তু দীৰ্ঘদিন ধৰি পথটোত থকা দলং খন নিৰ্মাণত কাম সম্পূৰ্ণ নকৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

গোলাঘাটত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ

তাৰোপৰি কাষতে ঠিকাদাৰে সাধাৰণভাৱে এখন দলং নিৰ্মাণ কৰি দিছিল যদিও ঢলাজানৰ পানীয়ে খহাই নিছে অৰ্ধ নিৰ্মিত পথটো । যাৰ ফলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে উক্ত অঞ্চলৰ ৰাইজ । অতি শীঘ্ৰে উক্ত পথটো যাতায়াতৰ বাবে উপযুক্ত কৰি দিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷ লগতে উক্ত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ এতিয়া পানীয়ে খহাই নি থকাত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ বিচিন্ন হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.