গোলাঘাট,24 মে': খুমটাইত 16 বছৰ পাচতো সম্পূৰ্ণ হৈ নুঠিল এখন পকী দলঙ ৷ 2003 চনত নিৰ্মাণ কাম আৰম্ভ হোৱা দলং বৰ্তমানেও আধৰুৱা অৱস্থাত ৷ ধোদৰ আলিৰ পৰা খুমটাইৰ লেটেকু চাপৰিৰ মাজেৰে ৩৯নংৰাষ্ট্ৰীয় ঘাই পথ সংযোগী ধনশিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল পকী দলংখন ৷ কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল দলঙখন ৷ উল্লেখ্য যে, 2003 চনত কংগ্ৰেছ চৰকাৰৰ দিনতেই আৰম্ভ হোৱা পকী দলংখন মুকলি কৰিছিল তেতিয়াৰ গড়কপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে। কিন্তু কিহৰ বাবে দলঙখনৰ ঠিকা লাভ কৰা পদুম গগৈ আৰু মহাবীৰ আগৰৱালাই আধাতে কাম সামৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ যাৰ বাবে অঞ্চলটোৰ শিক্ষাৰ্থীকে ধৰি সাধাৰণ জনতাই বৰ্তমানেও তুলুঙা নাওৰে যাতায়ত কৰে। ফলত অঞ্চলটোৰ বহু কেইগৰাকী ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে ৷ আনহাতে, বৰ্তমানৰ চৰকাৰখনক দলঙখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজে বহুবাৰ আন্দোলন কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷
খুমটাইত 16 বছৰেও সম্পূৰ্ণ হৈ নুঠিল এখন দলঙ - গোলাঘাট
খুমটাইত 16 বছৰ পাচতো সম্পূৰ্ণ হৈ নুঠিল এখন পকী দলঙ ৷ 2003 চনত নিৰ্মাণৰ কাম আৰম্ভ হোৱা দলং বৰ্তমানেও আধৰুৱা অৱস্থাত ৷ ধোদৰ আলিৰ পৰা খুমটাইৰ লেটেকু চাপৰিৰ মাজেৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী ধনশিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল পকী দলংখন
গোলাঘাট,24 মে': খুমটাইত 16 বছৰ পাচতো সম্পূৰ্ণ হৈ নুঠিল এখন পকী দলঙ ৷ 2003 চনত নিৰ্মাণ কাম আৰম্ভ হোৱা দলং বৰ্তমানেও আধৰুৱা অৱস্থাত ৷ ধোদৰ আলিৰ পৰা খুমটাইৰ লেটেকু চাপৰিৰ মাজেৰে ৩৯নংৰাষ্ট্ৰীয় ঘাই পথ সংযোগী ধনশিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল পকী দলংখন ৷ কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল দলঙখন ৷ উল্লেখ্য যে, 2003 চনত কংগ্ৰেছ চৰকাৰৰ দিনতেই আৰম্ভ হোৱা পকী দলংখন মুকলি কৰিছিল তেতিয়াৰ গড়কপ্তানী মন্ত্ৰী শৰৎ বৰকটকীয়ে। কিন্তু কিহৰ বাবে দলঙখনৰ ঠিকা লাভ কৰা পদুম গগৈ আৰু মহাবীৰ আগৰৱালাই আধাতে কাম সামৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ যাৰ বাবে অঞ্চলটোৰ শিক্ষাৰ্থীকে ধৰি সাধাৰণ জনতাই বৰ্তমানেও তুলুঙা নাওৰে যাতায়ত কৰে। ফলত অঞ্চলটোৰ বহু কেইগৰাকী ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে ৷ আনহাতে, বৰ্তমানৰ চৰকাৰখনক দলঙখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজে বহুবাৰ আন্দোলন কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷
খুমটাইৰ পৰা দিপক হাজৰিকা।