ETV Bharat / state

গোলাঘাটত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Aug 6, 2021, 4:53 PM IST

উৰিয়ামঘাট আৰক্ষীৰ এটা দলে ২৫৩ বটল বিলাতী মদ জব্দ কৰাৰ লগতে চানচুমা বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আনহাতে জিলাখনৰ নাওজান আৰক্ষী চকীৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বনগাঁও আৰু বেতনীপথাৰ গাঁৱৰ পৰা ৪০ বটল বিদেশী সুৰা আৰু ১৫০ লিটাৰ চুলাই মদসহ আন এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

Police
গোলাঘাটত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

সৰুপথাৰ, ৬ আগষ্ট : ড্ৰাগছ (Drugs) অথবা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে বহু ড্ৰাগছ আৰু গাঞ্জা । লগতে এই ঘটনাৰ লগত জড়িত বহু লোককো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুৰাৰ অবৈধ বেহা চলি আছে । ইফালে সান্ধ্য আইনৰ (Curfew) সুযোগ লৈ বিভিন্ন স্থানত চুলাই মদৰ ঘাটিবোৰো গঢ়ি উঠিছে । সেয়ে এইবাৰ আৰক্ষীয়ে সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান । গোলাঘাট জিলাতো অব্যাহত আছে এনে অভিযান ।

Golaghat

তেনে এক অভিযানৰ মাজতে বৃহস্পতিবাৰে উৰিয়ামঘাট আৰক্ষী চকীৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত উৰিয়ামঘাট আৰক্ষীৰ এটা দলে ২৫৩ বটল বিলাতী মদ(IMFL) জব্দ কৰাৰ লগতে চানচুমা বসুমতাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

আনহাতে, জিলাখনৰ নাওজান আৰক্ষী চকীৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বনগাঁও আৰু বেতনীপথাৰ গাঁৱৰ পৰা ৪০ বটল বিদেশী সুৰা আৰু ১৫০ লিটাৰ চুলাই মদসহ আন এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোক জনৰ নাম গোপাল ওৰাং বুলি জানিব পৰা গৈছে ।

এই অভিযানত কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে চুলাই বনোৱা বহু সামগ্ৰী নষ্ট কৰিছে আৰক্ষীৰ দলটোৱে । সৰুপথাৰ আবকাৰী বিভাগৰ (Excise department) বিষয়া-কৰ্মচাৰীসকল থকাৰ পাছতো অঞ্চলটোত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলগীয়া হোৱাত আবকাৰী বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ।

অতিশীঘ্ৰে এনে কাৰ্য অঞ্চলটোত বন্ধ কৰিবলৈ আবকাৰী বিভাগক উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে দল-সংগঠনসমূহে ।

লগতে পঢ়ক:হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.