গোলাঘাট, 17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বুধবাৰে গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । শিবিৰটোৰ শুভাৰম্ভণি কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই ।
গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ নেতৃত্বত প্ৰায় 80 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে । শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত বিজেপিৰ জিলা সম্পাদক সঞ্জীৱ দাস,বিজেপি নেতা যতীন বৰা,মহিলা মৰ্চাৰ সভানেত্ৰী ৰাজশ্ৰী বৰা উপস্থিত থাকে ।
আনহাতে, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ সুৰেণ তামুলী,ডা০ ৰূপক বৰা আৰু ডা০ কমলেশ্বৰ নেওগে শিবিৰত উপস্থিত থাকি ৰক্তদান প্ৰক্ৰিয়া তত্বাৱধান কৰে ।
লগতে পঢ়ক : জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত