ETV Bharat / state

Paddy procurement centre: বোকাখাতত মুকলি হ'ল প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ

author img

By

Published : Jan 27, 2022, 6:08 PM IST

বোকাখাতত মুকলি হ'ল প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ (Paddy procurement centre at Bokakhat) । গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুকলি কৰে ধান ক্ৰয় কেন্দ্ৰটো ৷ কেন্দ্ৰটোৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমে কৃষকসকলৰ পৰা ১৯৪০ টকা মূল্যত সংগ্ৰহ কৰিব ধান।

Paddy procurement centre
বোকাখাতত মুকলি হ'ল প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ

বোকাখাত, 27 জানুৱাৰী: বোকাখাত খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত মুকলি হ'ল প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ (Paddy procurement centre) । গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুকলি কৰা এই ধান ক্ৰয় কেন্দ্ৰত ভাৰতীয় খাদ্য নিগমে কৃষকৰ পৰা ১৯৪০ টকা মূল্যত ধান ক্ৰয় কৰিব । ইফালে সমগ্ৰ গোলাঘাট জিলাত এতিয়ালৈকে ৫০০ কৃষকে ধান বিক্ৰীৰ বাবে পঞ্জীয়ণ কৰাৰ লগতে ৫০ জন কৃষকে ধান বিক্ৰী কৰা বুলি মন্তব্য কৰে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই (Paddy procurement centre at Bokakhat)।

উল্লেখ্য যে, ৰাজ্যৰ কৃষকসকলক বিত্তীয় সকাহ দিয়াৰ লগতে কৃষি ব্যৱস্থাটোক গতিশীল কৰাৰ উদ্দেশ্যে ন্যূনতম সমৰ্থিত মূল্যৰে কৃষকসকলৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে (Procurement of paddy in Assam) । সেই উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এফ চি আই, এ এফ চি এছ চি এল, এন এ এফ ই ডি, এন এ চি অ’ এফ, এন চি চি এফ আৰু এ এছ এ এম বিৰ দৰে সংস্থাৰ প্ৰতিনিধিৰ লগত বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ কৃষকসকলৰ পৰা ধান ক্ৰয়ৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আৰু ৰাজহ বিভাগক তথা ক্ৰয় কৰা সংস্থাসমূহক যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক: Naga aggression in Border : চৰকাৰে আজিও নিৰ্মাণ নকৰিলে সীমান্ত নিৰীক্ষণ চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.