গোলাঘাট, 2 জানুৱাৰী: নতুন বছৰৰ প্ৰথমটো নিশাই গোলাঘাটৰ আইতনীয়া মিৰি গাৱঁত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা । AS-05D-4204 নম্বৰৰ এখন গ্লেমাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুণ্ডা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী বকুল দাস ৷
ঘটনাৰ বিৱৰণী অনুসৰি নিহত বকুল দাস নিশা বৰপথাৰৰ পৰা বগীজানৰ নিজা ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাতো ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহতো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷