যোৰহাট, 23 অক্টোবৰ : ৰাজ্যজুৰি পূজাৰ উছাহ উদ্দীপনাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ আৰক্ষীৰ বেৰিকেডত খুন্দা মাৰি ঘটনাস্থলীতে নিহত হয় এজন স্কুটী আৰোহী আনহাতে আন এজন আৰোহীক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
দেওবাৰে মহা অষ্টমীৰ উলহ মালহৰ মাজতে দেৰগাঁও চাৰিআলিত অষ্টমীৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ নিশা প্ৰায় 11 মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ নাৰিকলগুৰি দিশৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে অহা এখন স্কুটীয়ে পূজা উপলক্ষে দেৰগাঁও আৰক্ষীয়ে যান বাহন নিয়ন্ত্ৰণৰ বাবে দেৰগাঁও চাৰিআলিত স্থাপন কৰা বেৰিকেডত তীব্ৰ গতিত আহি প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ।
ফলত স্কুটীখনত থকা দুজনকৈ কিশোৰৰ ভিতৰত এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এজনক ততাতৈয়াকৈ দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাত অধিক গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰে। AS05-P3761নম্বৰৰ স্কুটী আৰোহীৰ দুই গৰাকী ১৮ বছৰ তলৰ কিশোৰ ৷ দুয়োজন কিশোৰৰ ঘৰ দেৰগাঁৱৰ নাৰিকলগুৰিত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কিশোৰটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
থিতাতে নিহত হোৱা কিশোৰটিৰ নাম সুৰজ ডেকা আৰু আনজনৰ নাম বিতোপন হালৈ বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কিশোৰটিৰ মৃত্যুত ঘৰখনত শোকৰ বন্যা বৈছে ৷
লগতে পঢ়ক: Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া