গোলাঘাট, 8 জুন : সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত শ্ৰমিকৰ স্বাৰ্থত কাম কৰি অহা এ আই টি ইউ চি (AITUC)ৰ স্বীকৃতিপ্ৰাপ্ত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ(APMU) বিৰুদ্ধে ন্যস্ত স্বাৰ্থ মহলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মঙলবাৰে নুমলীগড়ত গৰজি উঠিল পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন (APMU) ।
সংগঠনটোৰ নুমলীগড় শাখাই এন আৰ এল (NRL)ৰ মাৰ্কেটিং টাৰ্মিনেলত আয়োজন কৰা এক সংবাদমেলত জনৈক বিজয় সিং নামৰ এগৰাকী ব্যক্তিয়ে নুমলীগড়ত ছিণ্ডিকেট স্থাপনৰ লক্ষ্যৰে একাংশ ভেৰোণীয়া বাহিনী লৈ অপচেষ্টাত লিপ্ত হৈ আহিছে বুলি অভিযোগ কৰে ।
এনে প্ৰচেষ্টাl বাধা দিবলৈ যোৱা মজদুৰ ইউনিয়নৰ সদস্য তথা টেংকাৰ চালকক যোৱা সময়ছোৱাত শাৰীৰিকভাৱে আক্ৰমণৰ দৰে প্ৰচেষ্টাটো লিপ্ত হৈ আহিছে । দেশৰ ট্ৰেড ইউনিয়নৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে আইন আৰু নীতিৰ ভিত্তিত শ্ৰমিকৰ নায্য প্ৰাপ্যৰ হকে কাম কৰি অহাৰ সময়তে অসাধু চক্ৰই মাৰ্কেটিংঙত অনিয়ম কৰিবলৈ লোৱা কাৰ্যক কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ৷
অনাগত সময়ত এনে অসাধু চক্ৰৰ বিৰুদ্ধে সমূহ শ্ৰমিকে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি যাব বুলি স্পষ্ট কৰি দিয়ে । ইপিনে, ছিণ্ডিকেট স্থাপনত ব্যৰ্থ হৈ অসাধু চক্ৰটোৱে নীতি অনুসৰি পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে নিজ সদস্যৰ সদস্য বৰঙণি সংগ্ৰহ কৰা কাৰ্যক উক্ত চক্ৰটোৱে অবৈধ ধন সংগ্ৰহ কৰা বুলি অপপ্ৰচাৰ কৰাৰ বিৰূদ্ধেও শ্ৰমিক সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এনে ষড়যন্ত্ৰক শ্ৰমিক সকলে দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব বুলিও ইউনিয়নে সংবাদ মেলত স্পষ্ট কৰি দিয়ে । আনহাতে, উক্ত ন্যস্তস্বাৰ্থান্বেষী সকলক অবৈধ ধন সংগ্ৰহ তথা গুণ্ডামীৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে মজদুৰ ইউনিয়নটোৱে ।
লগতে পঢ়ক: বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ