বোকাখাত, ২৪ আগষ্ট: বিকাশৰ শ্লোগানতে যেন থমকি ৰৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়ণ(Health Department of Assam) । কোনো কোনো প্ৰান্তত স্বাস্থ্য বিভাগৰ কামৰ নমুনা দেখিলে চকু কঁপালত উঠে সচেতন মহলৰ । স্ৱাস্থ্য বিভাগৰ কামৰ এক নমুনা দেখা গৈছে বোকাখাতৰ পানবাৰীৰ এটা উপস্বাস্থ্য কেন্দ্ৰত । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বোকাখাতৰ পানবাৰীত স্থাপন কৰা হৈছিল উপস্বাস্থ্য কেন্দ্ৰটো । এবছৰ পূৰ্বে উদ্বোধন কৰা উপস্বাস্থ্য কেন্দ্ৰটোত পিছে আজিলৈকে ন'হল চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা (No medical service in sub health center inaugurated earlier) ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈ স্থাপন কৰা উপ-স্বাস্থ্য কেন্দ্ৰটি পাঁচ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু উদ্বোধন কৰা হৈছিল এবছৰ পূৰ্বে । পিছে পৰিতাপৰ কথাটো হ'ল, এই উপস্বাস্থ্য কেন্দ্ৰৰ জড়িয়তে আজিও স্বাস্থ্য সেৱা আগবঢ়াবলৈ সক্ষম নহ'ল স্বাস্থ্য বিভাগ । ইফালে পানবাৰী, বৰজুৰী, সাপজুৰী, মেথনী আদি অঞ্চলৰ ৰাইজে চিকিৎসাৰ বাবে যাব লাগে ১০ কিলোমিটাৰ দূৰৰ বোকাখাতলৈ নহ'লে কাৰ্বি আংলঙৰ ড'লামৰালৈ ।
বৰ্তমান হাবি-জংঘলেৰে আৱৰি ধৰিছে স্বাস্থ্য কেন্দ্ৰটো । স্থানীয় ৰাইজে বহু আবেদন নিবেদনৰ পিছত এই কেন্দ্ৰটো লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু পৰিতাপৰ কথা যে আজিৰ তাৰিখলৈকে স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য সেৱা আগবঢ়াবলৈ সক্ষম নহ'ল স্বাস্থ্য বিভাগ । চাৰি পাঁচখনকৈ গাঁৱৰ ৰাইজে বাস কৰা এই অঞ্চলৰ গৰ্ভৱতী মহিলা ,কণ কণ শিশুৰ লগতে গাওঁবাসীৰ বাবে অতি প্ৰয়োজনীয় এই কেন্দ্ৰটো অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: অসমত মাৰিলে টিপা নাগপুৰ পালেগৈ শিপা, জয়ন্ত মল্ল বৰুৱাক নাগপুৰলৈ তলব