ETV Bharat / state

বৰ্ষাৰ আগমণৰ লগে লগে কাজিৰঙাত বহিছে প্ৰকৃতিৰ ৰঙৰ মেলা - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

গ্ৰীষ্মৰ প্ৰখৰতা আঁতৰাই ধীৰে ধীৰে প্ৰকৃতিৰ বুকুলৈ নামিছে বৰ্ষা ৷ বৰষুণে ধুই নিকা কৰিছে প্ৰকৃতি ৷ এই সময়তেই প্ৰকৃতি প্ৰেমীক হাত বাউলি মাতিছে কাজিৰঙাৰ নয়নাভিৰাম দৃশ্যই ৷ ডালভৰি ফুলা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰ সৌন্দৰ্যই আকুল কৰিছে সকলোৰে মন-প্ৰাণ ৷

new environment of kaziranga national park
বৰ্ষা ফুলেৰে ন সাজ পিন্ধিলে কাজিৰঙাই
author img

By

Published : Jun 5, 2021, 10:01 PM IST

গোলাঘাট, 5 জুন : নানা-ৰঙী ফুলৰ সমাহাৰেৰে প্ৰকৃতিয়ে যেন ৰঙৰ মেলা পাতিছে কাজিৰঙাৰ বুকুত ৷ প্ৰকৃতি প্ৰেমীক হাত বাউলি মাতিছে কাজিৰঙাৰ নয়নাভিৰাম দৃশ্যই ৷ ডালভৰি ফুলা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰ সৌন্দৰ্যই আকুল কৰিছে সকলোৰে মন-প্ৰাণ ৷

বৰ্ষা ফুলেৰে ন সাজ পিন্ধিলে কাজিৰঙাই

লকডাউনৰ ফলত স্থব্ধ হৈ পৰিছে কল কাৰখানা, গাড়ী মটৰ আদি । প্ৰদূষণ মুক্ত বাতাৱৰণত যেন স্বস্তিৰে উশাহ লৈছে প্ৰকৃতিয়ে ৷ জ্যোতিষ্মান হৈ পৰিছে ধৰণী ৷ ধৰিত্ৰীক নতুন মাত্ৰা প্ৰদান কৰা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰ ফুলৰ দলিচালৈ প্ৰকৃতিয়ে যেন আমন্ত্ৰণ জনাইছে প্ৰকৃতিপ্ৰেমী সকলক ৷ উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে প্ৰকৃতিয়ে বিলাইছে নিজৰ সৌন্দৰ্যৰ সুগন্ধময়ী প্ৰবাহ ।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু উদ্যানখনৰ বান্দৰডুবিত গছপুলি ৰোপণ কৰে । বনাঞ্চল ধ্বংস হোৱাৰ ফলত উক্ত অঞ্চলটো জীৱ জন্তুৰ বাবে অনুপযোগী হৈ পৰিছিল । পুনৰ কাজিৰঙাক অনন্য মাত্ৰা দিয়াৰ প্ৰয়াস কৰিছে বন বিভাগে ৷ কাজিৰঙাৰ এই নয়নাভিৰাম দৃশ্য বন্দী হৈছে বহুজনৰ কেমেৰাত ৷ বহুতেই স্ব-চক্ষে এই প্ৰাণময় দৃশ্য উপভোগ কৰিবলৈ ঢাপলি মেলিছে কাজিৰঙালৈ ৷

লগতে পঢ়ক: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.