ETV Bharat / state

কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক !

author img

By

Published : Jul 14, 2020, 10:10 PM IST

Updated : Jul 15, 2020, 8:21 AM IST

কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক ৷ আচলতে এয়া বাঘৰ দেহত দেখা পোৱা চৰ্ম ৰোগ বুলিহে মন্তব্য বিশেষজ্ঞৰ ৷

চৰ্ম ৰোগ বুলিহে মন্তব্য বিশেষজ্ঞৰ
কাজিৰঙাৰ সোণলী বাঘক লৈ নতুন বিতৰ্ক

গোলাঘাট, 14 জুলাই : এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঘক লৈ আৰম্ভ হৈছে বিতৰ্ক । এগৰাকী প্ৰকৃতিবিদৰ কেমেৰাত বন্দী হৈছিল এটা সোণালী ৰঙৰ বাঘ ৷ চ'ছিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত বিশেষ বাঘটোক লৈ তোলপাৰ লাগিলেও শেহতীয়াকৈ পোহৰলৈ আহিছে কেতবোৰ তথ্য ।

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজত যোৱা এজন প্ৰকৃতিবিদৰ কেমেৰাত বন্দী হোৱা এই সোনালী বাঘটো সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিশেষজ্ঞই ৷ পূৰ্বেও 2014-15 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত বন্দী হৈছিল সোণালী বাঘ । কিন্তু শেহতীয়াকৈ কেমেৰাত বন্দী হোৱা এই বাঘ কোনো দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঘ নহয় বুলি জানিবলৈ দিছে বিশেষজ্ঞই ৷

কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক

বিশেষজ্ঞই জানিবলৈ দিয়া অনুসৰি,এয়া বাঘৰ দেহত দেখা পোৱা চৰ্ম ৰোগ । কাজিৰঙাত বংশানুক্ৰমে বৃদ্ধি হৈছে বাঘৰ এই ৰোগ । বিশেষকৈ বাঘে দূৰ দূৰ অঞ্চললৈ গৈ বংশ বৃদ্ধি কৰে । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ ওলাই যোৱাৰ ৰাস্তা বন্ধ হৈ পৰাত উদ্যানখনৰ সীমিত বাঘৰ মাজতেই বংশ বৃদ্ধি হৈছে । যাৰফলত বংশানুক্ৰমে বাঘৰ মাজত বৃদ্ধি পাবলৈ আৰম্ভ হৈছে এই ৰোগ ।

শেহতীয়াকৈ কেমেৰাত আবদ্ধ হৈছিল এই মাইকী বাঘজনী । এই মাইকী বাঘজনীৰ পৰা বংশ বৃদ্ধি হোৱা বাঘৰ মাজত এই ধৰণৰ ৰোগ দেখা পোৱাটো নিশ্চিত হৈ পৰিছে । বৰ্তমান এই তথ্যই প্ৰকৃতিপ্ৰেমী সকলৰ মাজলৈ দুঃ খবৰ কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা পাণ্ডুত

Last Updated : Jul 15, 2020, 8:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.