গোলাঘাট, 2 এপ্ৰিল: অসমৰ জনপ্ৰিয় সংগীত শিল্পী নীল আকাশৰ নতুন বিহু এলবাম "বিহুৱান 2019"ৰ পখিলা গীতটিৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে গোলাঘাটৰ যোগীবাৰীৰ মনোৰম স্থানত । ৰঙালী বিহুৰ পূৰ্বে মুকলি হ'ব লগা এলবামটোত অভিনয় কৰিছে নীল আকাশ আৰু অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷ অসীম গগৈৰ পৰিচালনাত নতুনত্বৰ সোৱাদ দিয়াৰ লক্ষ্যৰে আৰু চেনেহৰ ৰঙালী বিহু উপলক্ষে এই এলবামৰ মুকলি কৰা হ'ব ৷
এই এলবামটোৰ চিত্ৰগ্ৰহণ সুমন দুৱাৰাৰ, সংগীত ব্যৱস্থাপনা উজ্জ্বল আৰঙৰ আৰু গীতৰ কথা নীল আকাশ, কুসুম কৈলাস আৰু লুইত নীলৰ ৷