গোলাঘাট,21 ছেপ্তেম্বৰঃ গোলাঘাটৰ বগীধলা চাহ বাগিচাত পুনৰ আন এক অঘটন সংঘটিত হৈছে ৷ চাহ বাগিচাখনৰ পুখুৰীত পৰি সলিল সমাধি ঘটে দেৱ তাঁতী নামৰ এজন বনকৰা কিশোৰৰ ৷ জানিব পৰা মতে, বগীধলা বাগিচাৰ পৰিচালন সঞ্চালক সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ বাংলোত বনকৰা হিচাপে আছিল কিশোৰজন ৷
কিন্তু সোমবাৰে পুৱা ৰহস্যজনকভাৱে পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰজনৰ মৃতদেহ ৷ আনহাতে, কিশোৰজনে কি কাৰণে পুখুৰীত নামিছিল সেইয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ সমগ্ৰ বিষয় সন্দৰ্ভত আটছাৰ মৰঙি শাখাই শীঘ্ৰেই প্ৰশাসনৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৷
লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া