ETV Bharat / state

MLA Mrinal Saikia: নিকৃষ্ট ভূপেন, উৎকৃষ্ট কোন !

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ওভতি ধৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ ‘‘তেওঁৰ দৰে নিকৃষ্ট মানসিকতা থকা লোক মই দেখা নাই ৷’’ ক’লে বিধায়ক মৃণাল শইকীয়াই ৷

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:34 PM IST

MLA Mrinal Saikia
নিকৃষ্টি ভূপেন উকৃষ্ট কোন
নিকৃষ্টি ভূপেন উকৃষ্ট কোন

গোলাঘাট, 1 নৱেম্বৰ : অসমত ৰাঘৱৰ চাৰি চকা ঘূৰিছেনে ! দিনে বাগৰিছে মানে কি গতিত ৰাঘৱৰ চকা ঘূৰিছে সেয়া জানিবলৈ ৰাইজ অধীৰ অপেক্ষাৰত ৷ চিনেমা হ’লত কি হাৰত ৰাঘৱ চলিছে সেয়া কোৱা কঠিন ৷ দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ কিন্তু সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ মুখে মুখে বাৰুকৈ চলিছে ৰাঘৱ ৷

ৰাঘৱ চিনেমাখনে হলত দৰ্শকৰ বিশেষ সহাঁৰি নোপোৱাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিশেষ উপদেশ দিছিল অভিনেতা যতীন বৰাক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ মন্তব্যক এইবাৰ ওভতি ধৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

বুধবাৰে গোলাঘাটৰ এটা ছবিগৃহত ৰাঘৱ ছবি উপভোগ কৰিবলৈ আহি কংগ্ৰেছ সভাপতি বৰাৰ বিৰুদ্ধে সৰৱ হ’ল বিধায়ক শইকীয়া ৷ এইক্ষেত্ৰত বিধায়ক শইকীয়াই কয়, ‘‘যতীন বৰা অসমৰ গাঁৱে-ভূঞে জনপ্ৰিয় ৷ এখন ছবিৰ লগত কেতিয়াও ৰাজনীতিক একাকাৰ কৰিব নালাগে ৷ এনে নিকৃষ্ট মানসিকতাৰ মানুহ কি ধৰনে অতি পুৰণি ৰাজনৈতিক দলৰ মুৰব্বী হিচাপে ৰাজ্যত আছে মই ভাবি নাপাওঁ ৷ শিল্পীসকলৰ নিজৰ ৰাজনৈতিক আদৰ্শ এটা আছে ৷ কিন্তু এনে নিকৃষ্ট মানসিকতাৰ লোক মই কেতিয়াও দেখা নাই ৷’’

তেওঁ কয়, ‘‘মই ভাবিছিলো মানুহ কম হ’ব বুলি কিন্তু গাড়ী ৰখিবলৈ ঠাই নাই, টিকট নাই ৷ সেই কেইদিনত পূজাৰ চলি আছিল ৷ সেই বাবে মানুহ কম হৈছিল ৷ এতিয়া ৰাইজ আহিছে ৷’’ আনহাতে ভূপেন বৰাই চেলেঞ্জ দিয়ে কিন্তু চেলেঞ্জ ৰাখিব নোৱাৰে বুলি বৰাক সমালোচনা কৰে বিধায়ক শইকীয়াই ৷

তেওঁ কয়, ‘‘আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে যদি 9 খন আসন পায় তেতিয়া বিধায়ক পদৰ পৰা পদত্যাগ কৰিম বুলি প্ৰত্যাহ্বান জনাইছিলো ৷ কিন্তু মোৰ সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰিব নোৱাৰিলে ভূপেন বৰাই ৷’’

লগতে পঢ়ক:MLA Mrinal Saikia : আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.