ETV Bharat / state

কংগ্ৰেছ আৰু এআইইউডিএফ পাকিস্তানী পন্থী : বিধায়ক মৃণাল শইকীয়া - পাকিস্তানী পন্থী

শুকুৰবাৰে কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷ আজমল বাহিনীয়ে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ পাচতে শীঘ্ৰেই আজমলক গ্ৰেপ্তাৰৰ দাবী তোলে বিধায়ক গৰাকীয়ে ৷

MLA Mrinal Saikia reaction
বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য
author img

By

Published : Nov 6, 2020, 3:54 PM IST

গোলাঘাট,6 নৱেম্বৰ : শিলচৰ বিমানবন্দৰত আজমল বাহিনীৰ পাকিস্তান জিন্দাবাদ ধ্বনি । বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত আজমলৰ সতীৰ্থসকলে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ পাচতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ।

বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য

ইফালে শুকুৰবাৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছক পাকিস্তানী পন্থী বুলি অভিহিত কৰি তেওঁ কয় যে,‘‘আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হ’ল, অসমত পাকিস্তানী আৰু হিন্দুস্থানী পন্থী দুটা ৰাজনৈতিক চিন্তাধাৰাৰ দল আছে । এই ক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফ হ’ল পাকিস্তানী পন্থীৰ দল’’ ।

আজমলৰ দলত এনেধৰণৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বাবে শীঘ্ৰেই আজমলক গ্ৰেপ্তাৰৰ দাবী তোলে বিধায়ক মৃণাল শইকীয়াই । লগতে আজমলৰ নেতাই মিঞা মিউজিয়াম, শংকৰদেৱ কলাক্ষেত্ৰত লুঙি, শাৰী সংৰক্ষণ কৰিবলৈ কৈ আহিছে বুলি তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক : বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.