ETV Bharat / state

এনআৰএল কৰ্তৃপক্ষৰে বৈঠক সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ - এন আৰ এল কৰ্তৃপক্ষ

এনআৰএল কৰ্তৃপক্ষৰ সতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত সমষ্টিৰ আৰ্থ-সামাজিক উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে এন আৰ এলৰ কতৃপক্ষই ।

mla-biswajit-phukan-meeting-with-nrl
এনআৰএল কৰ্তৃপক্ষৰে বৈঠক সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ
author img

By

Published : May 18, 2021, 10:46 PM IST

গোলাঘাট, 18 মে’: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত সৰুপথাৰ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে নিৰ্বাচনত জয়লাভ কৰিয়েই ক'ভিড নিয়ন্ত্ৰণত বিশেষ সক্ৰিয় ভূমিকা অৱলম্বন কৰাৰ লগতে সমষ্টিটোৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যেৰে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিধাকগৰাকীয়ে প্ৰথম পৰ্যায়ত সমষ্টিৰ ২০০ কিলোমিটাৰ মূল পথৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এনআৰএল কৰ্তৃপক্ষৰে বৈঠক সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ

সমষ্টিৰ দ্ৰুত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি যোৱা এটা সপ্তাহত সকলোবোৰ বিভাগীয় মুৰব্বীৰ সতে আলোচনা কৰাৰ অন্তত সোমবাৰে বিধায়ক ফুকনে সৰুপথাৰৰ উন্নয়নত এন আৰ এলক অংশীদাৰ কৰাৰ লক্ষ্যৰে এন আৰ এল কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । এন আৰ এলৰ কাৰিকৰী সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, মানৱ সম্পদ বিভাগৰ মহা প্ৰবন্ধক ড৹ কাজল শইকীয়া, বায়' ৰিফাইনেৰীৰ মুখ্য কাৰ্যবাহী বিষয়া তথা মহা প্ৰবন্ধক অনুপ বৰুৱা আৰু উপ মহা প্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈৰ উপস্থিতিত এন আৰ এলত অনুষ্ঠিত এই বৈঠকত বিধায়ক বিশ্বজিৎ ফুকনে নিবনুৱাৰ স্থায়ী সংস্থাপনৰ উপৰিও পৰোক্ষ সংস্থাপনৰ ক্ষেত্ৰত বছৰি পাঁচ শতাধিক নিবনুৱাক নিয়োজিত কৰা, কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহী নিবনুৱাৰ প্ৰতি লক্ষ্য ৰাখি মৰঙিত এখন কাৰিকৰী শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপনত এন আৰ এলৰ সহযোগিতা কামনা কৰে ৷

তদুপৰি মৰঙিত এখন ষ্টেডিয়াম স্থাপন কৰা, সৰুপথাৰ, বৰপথাৰ আৰু মৰঙিৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ লগতে অন্যান্য শিক্ষানুষ্ঠান সমূহত আন্তঃগাঁথনি উন্নীতকৰণত বিশেষ গুৰুত্ব আৰোপ কৰা আৰু সপ্ত শ্বহীদৰ স্মৃতি বিজড়িত পংকা গাঁৱত এটি শ্বহীদৰ স্মৃতি সৌধ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো তেওঁ শোধনাগাৰ কৰ্তৃপক্ষক আহ্বান জনায় ।

সৌহাদ্যমূলক এই আলোচনাত এন আৰ এল কৰ্তৃপক্ষই অনাগত সময়ত সমষ্টিটোৰ বিকাশত দায়বদ্ধতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । অন্যহাতে বিধায়ক ফুকনে সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ভিকে এন আৰ এল নাৰ্ছিং স্কুলত ক'ভিড কেয়াৰ স্থাপনকে ধৰি ক'ভিডৰ পৰা জনতাক ৰক্ষা কৰাৰ ক্ষেত্ৰত শোধনাগাৰৰ জন সচেতনতা অভিযানক আদৰণি জনায় ।

উল্লেখ্য যে, অসমৰ ভিতৰতে অনগ্ৰসৰ সমষ্টিৰূপে পৰিগণিত হৈ অহা অসম বিধানসভাৰ ৯৪ নং সৰুপথাৰ সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বৰপথাৰৰ পৰা সৰুপথাৰ সংযোগী পথ, গোলাঘাট জামুগুৰি বৰপথাৰ সংযোগী পথ, ৩৯ নং ৰাষ্ট্ৰীয় পথৰ পোৰাবঙলাৰ পৰা বকিয়াল সংযোগী পথ, মুৰফুলনী-বগীজান সংযোগী পথকে ধৰি বহুকেইটা পথৰ নিৰ্মাণ নিৰ্বাচনৰ ফলাফলৰ পিছতেই তাৎক্ষণিক ভাৱে আৰম্ভ কৰাত স্থানীয় বিধায়কৰ ভূমিকাক সমষ্টিৰ জনসাধাৰণে আদৰণি জনাইছে ।
লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.