ETV Bharat / state

গোলাঘাটত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত পথ মুকলি - গোলাঘাট

বৰ্তমানৰ চৰকাৰে পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে গড়কপ্তানী মন্ত্ৰীক কৃতজ্ঞতা জনায় কৃষি মন্ত্ৰী অতুল বৰাই ।

MLA Atul Bora inaugurated cap Jintu Gogoi Road
গোলাঘাটত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত পথ মুকলি
author img

By

Published : Nov 9, 2020, 4:30 PM IST

গোলাঘাট, 9 নৱেম্বৰ: গোলাঘাটৰ খুমটাইত সোমবাৰে মুকলি কৰা হয় বীৰ শ্বহীদ জিন্টু গগৈৰ নামেৰে নামাকৰণ কৰা এটা পথৰ ৷ খুমটাইৰ বিধায়ক মৃনাল শইকীয়া আৰু কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাবে মুকলি কৰে খুমটাইৰ পৰা বাদুলিপাৰ সংযোগী প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘৰ পথটো ৷

গোলাঘাটত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত পথ মুকলি

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ব্ৰিগেদিয়েৰ শশীন মেহতা, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদী, কেপ্তেইন জিন্টু গগৈৰ পিতৃ আৰু মাতৃৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । পথটো মুকলি কৰি বিধায়ক মৃনাল শইকীয়াই কয় যে, ছহিদক কেনেকৈ সন্মান কৰিব লাগে মই জানো । দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছিল এই পথটো । বিগ্ৰেদিয়াৰ শশীন মেহতাই পথটো নিৰ্মাণৰ কামক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷

MLA Atul Bora inaugurated cap Jintu Gogoi Road
গোলাঘাটত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নামত পথ মুকলি

আনহাতে, কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, বীৰ শ্বহীদ জিন্টু গগৈৰ নাম চিৰ যুগমীয়া কৰিবৰ বাবে বৰ্তমান চৰকাৰখনে এই পথটো নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে । তেওঁ বিগত চৰকাৰৰ দিনত ৰাজ্যৰ বাট পথসমূহৰ বিধস্ত হৈ পৰাৰ কথা উল্লেখ কৰি বৰ্তমানৰ চৰকাৰে পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে গড়কাপ্তানী মন্ত্ৰীক কৃতজ্ঞতা জনায় ।

লগতে পঢ়ক: মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.