ETV Bharat / state

কৰ'ণাত আক্ৰান্ত মানসিক ৰোগী : শংকিত চিকিৎসক

গোলাঘাটত এজন মানসিক ৰোগীৰ দেহত কৰ'ণা ভাইৰাছ ৷ শংকিত ৰোগীজনৰ চিকিৎসক তথা চিকিৎসা কৰ্মী ৷ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ৷

কৰ'ণাত আক্ৰান্ত মানসিক ৰোগী
ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়
author img

By

Published : May 26, 2020, 6:04 PM IST

গোলাঘাট, 26 মে': গোলাঘাটৰ এজন কৰ'ণা আক্ৰান্ত লোকৰ বাবে গভীৰ শংকাত পৰিছে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী । সোমবাৰে গোলাঘাটত পজিটিভ ওলোৱা 58 জনৰ ভিতৰত এজন চিকিৎসাধীন হৈ আছিল ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । যোৱা 22 মে'ত চিকিৎসাধীন হোৱা লোকজনৰ নাম নাজিম ।

কৰ'ণাত আক্ৰান্ত মানসিক ৰোগী

জিলাখনৰ কাছমাৰী অঞ্চলত নাজিমক ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে প্ৰশাসনৰ লগত যোগাযোগ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসকৰ মতে, ৰোগীজনক মানসিক ৰোগৰ চিকিৎসা কৰা হৈছিল । কিন্তু চিকিৎসকৰ সন্দেহ হোৱাত তেওঁৰ কোভিড টেষ্ট কৰা হয় । টেষ্টত পজিটিভ পোৱাৰ লগে লগে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ মাজত । চিকিৎসালয় খনৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল নাজিম । কোনো সঠিক ঠিকনা দিব নোৱাৰা নাজিমে মাজে মাজে বিহাৰ বুলি উচ্চাৰণ কৰে । সম্প্ৰতি অন্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাজিমক ।

উল্লেখ্য যে, নাজিমক পূৰ্বে মানসিক ৰোগৰ চিকিৎসা কৰিছিল পাঁচজন চিকিৎসক আৰু কেইবা গৰাকীও নাৰ্চে । সমান্তৰালভাৱে বৰ্তমান মেডিচিন ৱাৰ্ডত থকা সকলো ৰোগীৰ স্বাৱ লৈ কোভিড পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.