ETV Bharat / state

গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ চলোৱা MD ক আটক

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 8:38 PM IST

গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ চলোৱা MD বিজয় সিঙক আটক । ন্যায় বিচাৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ভুক্তভোগী ছাত্ৰীৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা অধ্যক্ষ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ৷

MD arrested for running fake nursing centre in Golaghat
গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ চলোৱা MD ক আটক
গোলাঘাটত ভুৱা নাৰ্ছিং চেন্টাৰ চলোৱা MD ক আটক

গোলাঘাট,১৪ ডিচেম্বৰ: ভূৱা নাৰ্ছিং চেণ্টাৰ চলাই এইবাৰ শিক্ষাৰ্থীৰ ৰোষত এচিয়ান হেলথ মিচন ইনষ্টিটিউটৰ কৰ্মচাৰী ৷ ন্যায় বিচাৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ চেণ্টাৰটোত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ ৷ ভুক্তভোগী শিক্ষাৰ্থীয়ে ভুৱা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে তৰিলে গোচৰ ৷

শেহতীয়াকৈ গোলাঘাট নগৰত ভূৱা কৈ এচিয়ান হেলথ মিচন ইনষ্টিটিউট নামৰ এটা নাৰ্ছিং চেন্টাৰ খুলি লাখ লাখ টকা লুন্ঠন চলাই এইসকল ছাত্ৰীক আভুৱা ভাৰি অহা বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছত ভুক্তভোগী ছাত্ৰীসকলৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ ৷ ছাত্ৰীসকলে সমগ্ৰ বিষয় সন্দৰ্ভত জিলা ছাত্ৰসন্থাৰ বিষয়ববীয়া সকলৰ ওচৰত অভিযোগ দাখিল কৰিছিল আৰু তাৰ পিছৰ নাৰ্চিং চেন্টাৰ MD বিজয় সিং আৰু অধ্যক্ষ উজ্জল বৰাক ছাত্ৰীসকলে টকা ঘুৰাই দিয়াৰ হুংকাৰ দি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে নাচিং চেন্টাৰত জড়িত সকলক ।

উল্লেখ্য যে বিগত পাঁচ বছৰ ধৰি Assam Council Nursing ৰ অনুমতি তথা স্বাস্থ্য বিভাগৰ অনুজ্ঞা পত্ৰ নোলাৱাকৈ ভূৱাকৈ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে নাৰ্ছিং চেন্টাৰৰ বিৰুদ্ধে । ছাত্ৰীসকলৰ পৰা লাখ লাখ টকা সৰকোৱা এচিয়ান হেলথ মিচন ইনষ্টিটিউটৰ নামৰ এই নাৰ্ছিং চেন্টাৰৰ নাই কোনো বেংক একাউন্ট নাই কোনো টেক্স ফাইল । সকলো লেনা দেনা নগদ চলিছিল বুলি জানিবপৰা গৈছে । ভৰ্তি মাচুল তথা মাহেকীয়া মাচুলৰ সংগ্ৰহ কৰা টকা জমা হৈ নৱম শ্ৰেণী উৰ্ত্তীৰ্ণ MD বিজয় সিঙৰ ওচৰত ।

এতিয়া সকলো তথ্য ফাদিল হোৱাত ভৰিৰ তলৰ মাটি নোহোৱা হৈছে এওলোকৰ । এই সমগ্ৰ ঘটনা সম্পৰ্কে গোলাঘাট সদৰ আৰক্ষী থানাত ছাত্ৰীসকলে লিখিত অভিযোগ দাখিল কৰাৰ পাছত আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ MD বিজয় সিঙক আটক কৰে । ইফালে যুটীয়া স্বাস্থ্য সঞ্চালকৰ এটা দলে অভিযান চলাই এই নাৰ্চিং চেন্টাৰ টো যে ভূৱা তাৰ সকলো তথ্য দাখিল কৰিছে জিলা আয়ুক্তক ।

লগতে পঢ়ক: চিকিৎসাকৰ্মীৰ অভাৱত হাহাকাৰ কৰিছে ৰোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.