গোলাঘাট,2 মে’ : ভোটগণনাৰ দিনাই গোলাঘাটৰ মাৰোৱাৰী পট্টীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ মাৰোৱাৰী পট্টীস্থিত এটা প্লাষ্টিক সামগ্ৰীৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সামগ্ৰী ৷
![massive-fire-incident-at-golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11611143_gvdfgd.jpg)
গুদামটো সুভাষ পাটোৱাৰী নামৰ লোক এজনৰ বুলি জানিব পৰা গৈছে । অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷
লগতে পঢ়ক : বিসংগতিপূৰ্ণ এন আৰ চি নহয়, এখন শুদ্ধ এন আৰ চিৰ প্ৰয়োজন