গোলাঘাট, 17 ফেব্ৰুৱাৰীঃ গোলাঘাট জিলাৰ খুমটাইত ছহীদ কেপ্টেইন জিন্টু গগৈৰ নামত নিৰ্মাণ হৈ থকা পথছোৱাৰ মেৰামতিৰ কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। পথটোৰ নিৰ্মাণ কাৰ্য চলি থকা সময়তেই বখলা বখলে এৰি গৈছে পকী পথছোৱা । ধোদৰ আলিৰ খুমটাই চাৰিআলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাদুলিপাৰ সংযোগী প্ৰায় সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 7.5 কোটি টকা । পথটো নিৰ্মাণৰ বাবে নিবিদা লাভ কৰিছিল ঠিকাদাৰ মহাবীৰ প্ৰসাদ আগৰৱালাই।
কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কোনো দিন উক্ত পথছোৱাৰ কাম চাবলৈ পথত উপস্থিত নহ'ল ঠিকাদাৰজন ৷ কেৱল শ্ৰমিকৰ ওপৰত ভৰষা কৰি পথ নিৰ্মাণ কৰাৰ বাবেই পথ নিৰ্মানত বহু দুৰ্নীতি সংঘটিত হৈছে বুলি মন্তব্য কৰে ৰাইজে ৷
স্থানীয় ৰাইজে গড়কাপ্তানী মন্ত্ৰীক ছহিদ জিন্টু গগৈ পথৰ নিৰ্মাণত হোৱা দুৰ্নীতি তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা ছহিদৰ নামত দুৰ্নীতি কৰা পথটোৰ নিৰ্মাণৰ কাম বন্ধ কৰি আদালতৰ কাষ চাপিব স্থানীয় ৰাইজ।