ETV Bharat / state

কলাৰ নৱমত ফৰকাটিঙৰ মণিষা - 9th position

নিতৌ বোকা গচকি বিদ্যালয় লৈ আহ যাহ কৰা মণিষাই নৱম স্থান দখল কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে ফৰকাটিংবাসী ৷ মণিষাৰ পিতৃ অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰেই এজন কৰ্মচাৰী আছিল ৷ দুবছৰৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ মনিষাৰ পিতৃৰ মৃত্যু হৈছিল ৷

মণিষা বৰা
author img

By

Published : May 25, 2019, 12:00 PM IST

গোলাঘাট, 25 মে': কলা শাখাৰ পৰা নৱম স্থান অধিকাৰ কৰি ফৰকাটিঙৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মণিষা বৰাই ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মণিষা বৰাৰ ৷

দুবছৰৰ পূৰ্বে পিতৃহাৰা হোৱা মণিষা বৰাই স্থান দখল কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে ৷ 35 টা বছৰৰ পিচত মহাবিদ্যালয়খনে অৰ্জন কৰা এই সফলতাক লৈ মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল আনন্দত আত্মহাৰা হৈ পৰিছে ৷ ফৰকাটিং আঠগাঁৱৰ অতি পিছপৰা অঞ্চলৰ পৰা ভাল ফলাফল লাভ কৰা মণিষাৰ বাসগৃহলৈ যোৱাৰ পথটো অতি বোকাময় ৷ নিতৌ অঞ্চলবাসীৰ লগতে মণিষাৰ পৰিয়ালে এই পথৰে বোকা গচকি আহ-যাহ কৰে ৷

গোলাঘাটত উজলিল ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী মণিষা বৰা

মণিষাৰ পিতৃ অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰেই এজন কৰ্মচাৰী আছিল ৷ দুবছৰৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ মনিষাৰ পিতৃৰ মৃত্যু হৈছিল ৷ আনহাতে মাতৃ জ্যোতিমণি বৰা এগৰাকী গৃহিনী ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা মণিষাক ভৱিষ্যতে পঢ়াৰ দায়িত্ব বহন কৰাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মাতৃ জ্যোতিমণি বৰা ৷ ইয়াৰ উপৰিও মণিষাই চৰকাৰক গাঁৱৰ পথছোৱা নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ৷

Golaghat 25.05.2019
slug : as_glt_hsslc 9th position_vis_byte_deefered_live_7205572
O.C. : গোলাঘাটত উজ্জ্বলালে ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী মণিষা বৰা। মণিষা বৰাই কলা শাখাৰ নৱম স্থান অধিকাৰ কৰি ফৰকাটিংৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মনিষা বৰাৰ। দুবছৰৰ পূৰ্বে পিতৃহাৰা হোৱা মণিষা বৰাই স্থান লাভ কৰাত অঞ্চলবাসী উৎফুল্লিত। ৩৫ টা বছৰৰ পিছত মহাবিদ্যালয়খনে অৰ্জন কৰা এই সফলতাক লৈ মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী সকল অতি উৎফুল্লিত হৈ পৰিছে। ফৰকাটিং মহাবিদ্যালয়ৰ পৰা প্ৰথম বাৰৰ বাবে স্থান লাভ কৰাত গৌৰাৱান্মিত ফৰকাটিংবাসী। ফৰকাটিং আঠগাঁৱৰ অতি পিছপৰা অঞ্চলৰ পৰা ভাল ফলাফল লাভ কৰা মণিষাৰ বাসগৃহলৈ যোৱাৰ পথটো অতি বোকাময়। নিতৌ বোকা গচকি আহ যাহ কৰে অঞ্চলবাসীৰ লগতে মনিষাৰ পৰিয়ালো। এই পথছোৱাৰে বোকা গচকি বিদ্যালয় লৈ আহ যাহ কৰা মনিষাও অৰ্জন কৰিলে নৱম স্থান। মনিষাৰ পিতৃ অতুল বৰা ফৰকাটিং মহাবিদ্যালয়ৰেই এজন কৰ্মচাৰী আছিল। দুবছৰৰ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মনিষাৰ পিতৃ। মাতৃ জ্যোতিমণি বৰা এগৰাকী সু গৃহীনি। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা মনিষাক ভৱিষ্যতে পঢ়াৰ দায়িত্ব বহন কৰাক লৈ চিন্তাত মাতৃ জ্যোতিমণি বৰা। ইয়াৰ উপৰিও মনিষাৰ চৰকাৰৰ প্ৰতি আহ্বান উন্নয়ন প্ৰতি লক্ষ্য ৰাখি পথছোৱা নিৰ্মাণ কৰক।
Deffered Live Diganta Sahu
Byte : অধ্যক্ষ, ডা০ অপূৰ্ব শইকীয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.