খুমটাই, 21 এপ্ৰিলঃ যিটো সময়ত ৰাজ্যত এটি চাকৰিৰ বাবে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়তে আত্মপ্ৰতিষ্ঠাৰ অনন্য় নিদৰ্শন দাঙি ধৰিছে এগৰাকী 50 বছৰীয়া ব্যক্তিয়ে ৷ এইগৰাকী ব্যক্তি হৈছে গোলাঘাট জিলাৰ খুমটাই চিনাতলিৰ ৰঞ্জিত হাজৰিকা ৷ বটা চৰাই পালনেৰে নৱপ্ৰজন্মৰ মাজত আদৰ্শ দাঙি ধৰিছে এইগৰাকী ব্যক্তিয়ে ৷
প্ৰথম অৱস্থাত গৰু পালন আৰু ব্ৰইলাৰ মূৰ্গী পালনেৰে নিজৰ সংস্থাপনৰ বাট আৰম্ভ কৰা হাজৰিকাই শেহতীয়াকৈ বটা চৰাই পালনেৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিছে ৷ লোকজনৰ ফাৰ্মত 7000 বটা চৰাই থকাৰ বিপৰীতে দৈনিক 2000 কণী বিক্ৰী কৰি আহিছে ৷ অৱশ্যে মতা চৰাইৰ সংখ্যা অধিক হোৱাৰ বাবে কণীৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও প্ৰকাশ কৰে লোকজনে ৷ বটা চৰাইৰ সমান্তৰালকৈ টাৰ্কী চৰাই, পাৰ চৰাই আৰু হাঁহো প্ৰতিপালন কৰিছে লোকজনে ৷ লোকজনৰ এই কাৰ্যত ৰাজ্যিক কৃষি বিভাগৰ লগতে কৃষি বিভাগৰ স্থানীয় কৰ্মচাৰী জীতেন শইকীয়াই সহায় কৰিছে বুলি উল্লেখ কৰে ৰঞ্জিত হাজৰিকাই ৷