ETV Bharat / state

An unending war: বনাঞ্চল এৰি জনাঞ্চলমুখী হোৱা হাতীৰ উপদ্ৰৱৰ অন্ত কেতিয়া ? - হাতী মানুহৰ সংঘাত

ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত আছে ৷ গোলাঘাট জিলাতো দেখা গৈছে বন্যহস্তীৰ ব্যাপক উপদ্ৰৱ ৷ হাতীৰ ভয়ত এতিয়া সন্ধিয়াতে ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে ৰাইজ ৷ যেন এখন অন্ত নোহোৱা যুঁজলৈ পৰিণত হৈছে হাতী মানুহৰ সংঘাত ৷

Wild elephant menace in Golaghat
হাতী মানুহৰ সংঘাত
author img

By

Published : Mar 15, 2023, 8:51 PM IST

হাতী মানুহৰ সংঘাত

গোলাঘাট, 15 মাৰ্চ: ‘‘হস্তী-মানৱ সংঘাত’’, অসমৰ বহু অঞ্চলৰ ৰাইজৰ বাবে শেষ হ’ব নোখোজা এখন যুদ্ধ ৷ নিতৌ ৰাজ্যৰ কোনোবা নহয়, কোনোবা এটা কোণত সংঘটিত হৈ আহিছে বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত ৷ কেতিয়াবা হাতীয়ে যদি মানুহ মাৰিছে, আন কেতিয়াবা আকৌ ট্ৰেইনৰ আগত পৰি, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বনৰীয়া হাতীৰ ৷ কিন্তু এই নিৰন্তন যুঁজখনৰ অৱসান ক’ত ? (Man elephant conflict in Assam)

শেহতীয়াকৈ অসমৰ গোলাঘাট আৰু গোৱালপাৰা জিলাত সৰ্বাধিক হাতী-মানুহৰ সংঘাত সংঘটিত হোৱা দেখা গৈছে ৷ গোলাঘাটৰ মৰঙি, নুমলীগড় আদি অঞ্চলত দিনে-নিশাই বন্যহস্তীয়ে বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বহুলোকৰ ঘৰ-বাৰী ভঙাৰ লগতে, পথাৰ আৰু ভঁৰালত থোৱা শস্য খাই তহিলং কৰি আহিছে বন্যহস্তীৰ জাকে ৷ কিন্তু এই সংঘাত প্ৰশমিত কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগ ৷ অৱশ্যে তেওঁলোকে কৰিবই বা কি ? খাদ্যৰ অভাৱত এতিয়া জনাঞ্চলমুখী হৈছে বনৰ হাতী (Wild elephant menace in Golaghat) ৷

লগতে পঢ়ক: Cong slams BJP: বিজেপিৰ বিৰুদ্ধে লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ কংগ্ৰেছ নেতা পৃথ্বীৰাজ প্ৰভাকৰ সাথেৰ

"অভাৱত স্বভাৱ নষ্ট, আদৰত ল'ৰা নষ্ট" অসমীয়া এই আপ্ত বাক্য শাৰী যেন আখৰে আখৰে ফলিয়াইছে গোলাঘাটৰ এদল বন্যহস্তীৰ ক্ষেত্ৰত । গোলাঘাট জিলাৰ মৰঙি অঞ্চলত খাদ্যৰ অভাৱে স্বভাৱ নষ্ট কৰিছে এজাক বন্যহস্তীৰ । হাতীৰ বসতিস্থল কমি অহাৰ লগতে খাদ্যৰ অভাৱৰ বাবে এতিয়া বনাঞ্চল এৰি বনৰীয়া হাতীয়ে বাহৰ পাতিছে জনাঞ্চলত । মানুহৰ ঘৰে-বাৰীত চলাইছে উপদ্ৰৱ । বন্যহস্তীৰ এই উপদ্ৰৱৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী (Wlid elephant terror in Assam)।

দিনৰ পোহৰতে বন্যহস্তীয়ে মৰঙিৰ বৰদলৈ চুকত বিভিন্ন অঞ্চলত নিৰ্ভীকভাৱে বিচৰণ কৰি ফুৰিছে । অঞ্চলটোৰ চাৰিওফালে কেৱল হাতী আৰু হাতী । মানুহৰ ঘৰ-বাৰী,পথাৰ সকলোতে হাতী আৰু হাতীৰ উপস্থিতি । খাদ্যৰ সন্ধানত ঘৰ বাৰীত সোমাই হাতীয়ে চলাইছে ত্ৰাস । দিনে নিশাই বাহৰ পাতিছে মানুহৰ বাৰী, চাহ বাগিচাত ।

বনৰীয়া হাতীৰ এই আচৰণৰ বাবে ঘৰৰ পৰা ওলাবলৈ ভয় হৈছে গাঁওবাসীৰ । বন্যহস্তীৰ উপদ্ৰৱত উপায়ন্তৰ হৈ পৰিছে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলো । ক'লৈ আঁতৰাই পঠিয়াব এই বন্যহস্তীৰ দলটোক । যিদৰে গাঁৱৰ ৰাইজ বৰ্তমান উপায় বিহীন ঠিক একেদৰে কোনো সিদ্ধান্ত ল'ব পৰা নাই বন বিভাগেও (Man elephant conflict news)।

লগতে পঢ়ক: HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত জিপি সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.