গোলাঘাট, 27 ছেপ্তেম্বৰ : গোলাঘাট জিলাৰ নুমলীগড়ত পুনৰ অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস । ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে ৷ জিলাখনৰ বিহৰাৰ মিকিৰচাং আৰু নুমলীগড় চাহ বাগিচাত শনিবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে তহিলং কৰিলে প্ৰায় 5 টাকৈ অধিক পৰিয়ালৰ বাসগৃহ ।

তথ্য অনুসৰি, একে নিশাই নুমলীগড়ৰ 5 নং লাইনত 2 টা, মিকিৰচাঙত 4 টা আৰু কাষৰে বৰচাপৰি অঞ্চলত কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তহিলং কৰে বন্যহস্তীয়ে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ পিচত অঞ্চলবাসী ৰাইজে নুমলীগড় বন বিভাগক বহুবাৰ অবগত কৰাৰ পিচতো বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷
লগতে পঢ়ক : হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা