গোলাঘাট, 9 মে: লক্ ডাউনৰ সময়ছোৱাত ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ ৷ তথ্য অনুসৰি, 70-80 টা হাতীৰ এটা বৃহৎ দলে বিগত বহু দিনৰ পৰা গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচাত মুক্তভাৱে বিচৰণ কৰি ফুৰাৰ ফলত শংকিত হৈ আছে স্থানীয় লোক ৷

কাৰ্বি পাহাৰৰ পৰা অহা হাতীৰ জাকটোৱে কেইবাদিন ধৰি নুমলীগড় চাহ বাগিচাত অৱস্থান কৰি থকাৰ ফলত হাতীৰ ভয়ত পদূলি মুখলৈ আহিবলৈয়ো কম্পমান হৈ আছে অঞ্চলবাসী ৷
আনহাতে শুকুৰবাৰে নিশা বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বগাজুলীৰ মাউৰীপাৰা গাঁৱতো তাণ্ডৱ চলাই বনৰীয়া হাতীয়ে ৷ বন্যহস্তীয়ে গাওঁখনৰ এটা ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে এগৰাকী বৃদ্ধা আৰু কিশোৰীৰ ওপৰত আক্ৰমণ চলাই আহত কৰে। বনৰীয়া হাতীৰ আক্ৰমণত টুপুৰী বড়ো (৬০)নামৰ বৃদ্ধাগৰাকীৰ সোঁ ভৰিখন ভঙাৰ লগতে ৰুণজুন বড়ো (১০)নামৰ কিশোৰীগৰাকী আহত হোৱা বুলি স্থানীয় লোকে অৱগত কৰে।