ETV Bharat / state

সঞ্চয় কৰা খুচুৰা পইচা দি কিনিলে সপোনৰ স্কুটি

author img

By

Published : Apr 7, 2022, 6:45 PM IST

খুচুৰা পইচাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ এজন লোকে ক্ৰয় কৰিলে স্কুটী (Man buys scooter with baskets full of savings in coins)। ক্ষুদ্ৰ সঞ্চয়ৰ সুফল লাভ কৰিলে লোকজনৰ পৰিয়ালটোৱে ৷

golaghat-man-bought-scooter-for-his-family
খুচুৰা পইছাৰে কিনিলে সপোনৰ স্কুটি

গোলাঘাট, 7 এপ্ৰিল : মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দেখিবলৈ পোৱা গ'ল গোলাঘাট জিলাৰ সৰুপথাৰৰ ধুপগুৰিত ৷ গোলাঘাট জিলাৰ সৰুপথাৰ টি ভি এচ ডিলাৰৰ পৰা খুচুৰা পইচাৰে এজন ব্যক্তিয়ে ঘৰলৈ আনিলে সপোনৰ স্কুটিখন (Golaghat man buys scooter with coins) ৷ মাত্ৰ এটকা দুটকাকৈ সঞ্চয় কৰি ব্যক্তিজনে পূৰণ কৰিলে তেওঁৰ পৰিয়ালৰ সপোন (Golaghat man bought scooter for his family)৷

খুচুৰা পইছাৰে কিনিলে সপোনৰ স্কুটি

সৰুপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত শৰ্মা টি ভি এচ এন্টাৰপ্ৰাইজ ডিলাৰত ধুপগুৰি মোগাপাৰা অঞ্চলৰ দেৱেশ্বৰ দৈমাৰী নামৰ এজন ব্যক্তিয়ে খুচুৰা পইচাৰে ক্ৰয় কৰে এখন জুপিতাৰ স্কুটি ৷ প্ৰায় ষোল্ল হাজাৰ সাতশ ত্ৰিশ টকা খুচুৰা পইছাৰে গ্ৰাহকজনে ক্ৰয় কৰিলে স্কুটি । পইচাখিনিত আছিল পাঁচ টকীয়া, ২ টকীয়া আৰু ১ টকীয়া মুদ্ৰা ৷

গ্ৰাহকজনে ডিলাৰ কতৃপক্ষক জনোৱা মতে, তেওঁৰ পত্নী মঞ্জু দৈমাৰীয়ে খুচুৰা পইচা জমা কৰি বহুত দিনৰ পৰাই এখন স্কুটি কিনাৰ সপোন পুহি ৰাখিছিল । সেই সপোন বাস্তৱায়িত কৰিবলৈকে দেৱেশ্বৰ দৈমাৰী নামৰ গ্ৰাহকজনে পত্নীৰ খুচুৰা পইচাখিনি লৈ আহি এনেদৰে নতুন স্কুটী ক্ৰয় কৰে । শৰ্মা এন্টাৰপ্ৰাইজৰ কৰ্মচাৰীসকলে প্ৰথমবাৰৰ বাবে এনেদৰে খুচুৰা পইচাৰে বাহন কিনা গ্ৰাহক পাই সকলোৱে গ্ৰাহকজনৰ পত্নীৰ সপোনৰ প্ৰতি সহাৰি জনায় আৰু সকলোৱে মিলিজুলি পইচাখিনি হিচাপ কৰে অৱশেষত স্কুটিখন গ্ৰাহকগৰাকীলৈ অৰ্পণ কৰে ৷

লগতে পঢ়ক : অগৰাতলী বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.