ETV Bharat / state

এতিয়াও খোৱা পানীৰ অভাৱত লাভলীনা বৰগোঁহাইৰ গাঁওখন - টকিঅ' অলিম্পিকত লাভলীনা

অভাৱৰ কৱলত অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ গাঁওখন ৷ দহটা বছৰ বোকা গছকি প্ৰশিক্ষণ আৰু অনুশীলন কৰাৰ পিছতহে আজি টকিঅ' অলিম্পিকত লাভলীনা । চাওক লাভলীনাৰ গাঁওখনৰ এই বিশেষ প্ৰতিবেদন...

drinking-water-crisis-still-a-major-issue-of-lovlinas-village-etv-bharat-news
এতিয়াও খোৱা পানীৰ অভাৱত লাভলীনা বৰগোঁহাইৰ গাঁওখন
author img

By

Published : Jul 28, 2021, 7:14 PM IST

গোলাঘাট, 28 জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কেৱল এটাই আশা ৷ লাভলীনাই উৰুৱাব বিজয় ধ্বজা ৷ অলিম্পিকত অংশ লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ অসমৰ পৰা অলিম্পিকলৈ যোৱা প্ৰথম মহিলা লাভলীনা ৷

এতিয়াও খোৱা পানীৰ অভাৱত লাভলীনা বৰগোঁহাইৰ গাঁওখন

আজি লাভলীনাক সকলোৱে চিনি পাই, কিন্তু তেওঁৰ গাঁওখন, তেওঁৰ ঘৰখনক কিমানে জানে ? হ’ৰ্ডিঙত নিজৰ ফটো আঁৰি লাভলীনাক শুভেচ্ছা জনোৱা ৰাজনৈতিক নেতা-মন্ত্ৰীয়ে জানেনে কেনে পৰিৱেশৰ পৰা অলিম্পিক পাইছেগৈ লাভলীনা ৷ গোলাঘাট নগৰৰ পৰা দক্ষিণ দিশে প্ৰায় 35 কিলোমিটাৰ বাট গ’লেই পোৱা যায় বৰপথাৰৰ বাৰমুখীয়া গাঁও ৷

ধনশিৰি মহকুমাৰ অন্তৰ্গত এই অঞ্চলটো অসম-নাগালেণ্ডৰ সীমামূৰীয়া ৷ এই বাৰমুখীয়া গাঁৱৰেই জীয়ৰী বিশ্ব জয় কৰিবলৈ ওলোৱা লাভলীনা ৷ এইখন গাঁৱৰ বোকা মাটি গচকি আজি টকিঅ’ পাইছে গৈ লাভলীনা ৷

কিন্তু পৰিতাপৰ কথা যে, আজিও অনগ্ৰসৰ হৈ ৰৈছে লাভলীনাৰ গাঁওখন ৷ উন্নয়ন আৰু আঁচনিয়ে আজি পৰ্যন্ত ঢুকি পোৱা নাই বাৰমুখীয়া গাঁও ৷ গাঁওখনত অভাৱ কেৱল এটা নহয় ৷ গাঁওখনত নাই বিশুদ্ধ খোৱা পানী, নাই যাতায়তৰ সু-ব্যৱস্থা, নাই বিদ্যুতৰো সু ব্যৱস্থাও ৷

কোনো এক অঞ্চলৰ উন্নয়নৰ মূলতে হৈছে সেই গাঁওখনৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা ঠিক হোৱাটো । অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই আজি টকিঅ' অলিম্পিকলৈ গৈছে, যদিও তেওঁৰ গাঁওখন আজিও অভাৱৰ কৱলত ৷ গাঁওখনৰ মানুহে আজি পৰ্যন্ত লাভ কৰা নাই জনস্বাস্থ্য বিভাগে যোগান ধৰা বিশুদ্ধ খোৱা পানী । ইয়াৰ উপৰিও দিনটোৰ সৰহ সংখ্যক সময় বিদ্যুৎ কৰ্তন কৰি ৰাখে বিদ্যুৎ বিভাগে ।

লাভলীনাৰ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ পথ বোকা গছকি যোৱাৰ পিছতহে পকী পথত ভৰি দিব পৰা যায় । এইদৰে দহটা বছৰ বোকা গছকি প্ৰশিক্ষণ, আৰু অনুশীলন কৰাৰ পিছতহে আজি টকিঅ' অলিম্পিকত লাভলীনা । বাৰমুখীয়া গাঁও সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত । বহু সময় ধৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিবাসীয়ে উন্নয়নৰ মুখ দেখা নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনতো উন্নয়ন হোৱা নাই লাভলীনাৰ গাঁওখনত । অসম তথা ভাৰতৰে গৌৰৱ লাভলীনাই দেশ তথা ৰাজ্যখনৰ বাবে সফলতা অৰ্জন কৰি অহা পৰিলক্ষিত হৈছে ৷ এনে ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে লাভলীনাৰ গাঁওখনৰ উন্নয়নৰ বাবে কিবা ব্যৱস্থা ল’বনে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.