ETV Bharat / state

বোকাখাতৰ এম বজাৰৰ বিৰুদ্ধে শ্ৰমিক নীতি উলংঘাৰ অভিযোগ - শ্ৰমিক নীতিক ভেঙুচালি কৰিছে এম বজাৰৰ স্বত্বাধিকাৰীয়ে

বহুজাতিক কোম্পানী এম বজাৰ(M Bazar) ৰ বিৰুদ্ধে এইবাৰ বোকাখাতত গৰজি উঠিছে জীপাল কৃষক-শ্ৰমিক সংঘ (Accused of violating labor policy by M Bazar) ৷ অন্য ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দৰে সপ্তাহৰ প্ৰতিটো সোমবাৰে এম বজাৰ বন্ধ নাৰাখে ইয়াৰ স্বত্বাধিকাৰীয়ে ৷ যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে জীপাল কৃষক শ্ৰমিক সংঘ ৷ আনকি এই সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘই বোকাখাতৰ মহকুমাধিপতিক প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ।

Accused of violating labor policy by M Bazar
বোকাখাতত এম বজাৰ কোম্পানী বিৰুদ্ধে সোচ্চাৰ জীপাল কৃষক-শ্ৰমিক সংঘ
author img

By

Published : Apr 27, 2022, 2:28 PM IST

বোকাখাত, 27 এপ্ৰিল : বোকাখাতত বহুজাতিক কোম্পানী এম বজাৰ(M Bazar) ৰ বিৰুদ্ধে সৰৱ জীপাল কৃষক শ্ৰমিক সংঘ । অভিযোগ অনুসৰি, শ্ৰমিক নীতিক ভেঙুচালি কৰিছে এম বজাৰৰ স্বত্বাধিকাৰীয়ে (Accused of violating labor policy by M Bazar) ৷ সাপ্তাহিক বন্ধৰ দিনতো খোলা ৰখা হয় এম বজাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ৷

তথ্য অনুসৰি, বোকাখাতৰ মাজমজিয়াত কিছুদিন পূৰ্বে বহুজাতিক কোম্পানী এম বজাৰৰ এটা শাখা মুকলি কৰা হৈছিল । অভিযোগ অনুসৰি, এম বজাৰৰ নাই কোনো সূচল পাৰ্কিঙৰ ব্যৱস্থা ৷ এম বজাৰৰ বাবেই যান-জঁটৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ যান-জঁটৰ সমস্যাৰ লগতে শ্ৰমিক নীতি উলংঘা কৰা সন্দৰ্ভত বাৰম্বাৰ সকীয়নি প্ৰদান কৰা হৈছিল উক্ত কোম্পানীটোক ৷

বোকাখাতৰ এম বজাৰৰ বিৰুদ্ধে শ্ৰমিক নীতি উলংঘাৰ অভিযোগ

কিন্তু দল-সংগঠনৰ সকীয়নি তথা প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই মুকলিকৈ উক্ত কোম্পানীটোৱে চলাই গৈছে ব্যৱসায় ৷ এই অভিযোগ তৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ৷ অৱশেষত উপায়ন্তৰ হৈ জীপাল কৃষক শ্ৰমিক সংঘই উক্ত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শ্ৰমিক নীতি উলংঘাৰ অভিযোগ তুলি বোকাখাতৰ মহকুমাধিপতিক এই সন্দৰ্ভত প্ৰদান কৰিছে এখনি স্মাৰকপত্ৰ ৷

উল্লেখ্য যে, প্ৰতি সপ্তাহৰ সোমবাৰৰ দিনটো বোকাখাতত সাপ্তাহিক বন্ধ পালন কৰা হয় । বোকাখাত পৌৰসভাৰ অন্তৰ্গত এলেকাৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থাকে সোমবাৰে । তেনেস্থলত এম বজাৰ নামৰ বহুজাতিক কোম্পানীটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন সোমবাৰে বন্ধ নৰখা কাৰ্যত ক্ষোভিত হৈছে জীপাল কৃষক শ্ৰমিক সংঘ ৷

শ্ৰমিক নীতি অনুসৰি, অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰেই প্ৰতি সোমবাৰে এম বজাৰো বন্ধ ৰখাৰ দাবীত জীপাল কৃষক শ্ৰমিক সংঘই বোকাখাতৰ মহকুমাধিপতিক প্ৰদান কৰে এই স্মাৰকপত্ৰখন ।

লগতে পঢ়ক : ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আপলৈ বৈছে জনতাৰ সোঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.