ETV Bharat / state

অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধীনত পশুধন বিক্ৰী কেন্দ্ৰ মুকলি - আত্মনিৰ্ভৰ ভাৰত

কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গোলাঘাটৰ বগৰিজেঙত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধীনত এটা নৱ নিৰ্মিত বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । এইধৰণৰ বিক্ৰী কেন্দ্ৰই পশুপালক সকলক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে অতুল বৰাই ।

live stoke and poultry selling center
live stoke and poultry selling center
author img

By

Published : Jul 28, 2020, 12:00 PM IST

গোলাঘাট, 28 জুলাই : সমগ্ৰ বিশ্বত কৰ'না ভাইৰাছৰ সংক্ৰমণে ভয়াৱহতা সৃষ্টি কৰাৰ লগতে ৰাজ্যত বানে ত্ৰাহি মধুসূদন সোঁৱৰাইছে সাধাৰণ কৃষক ৰাইজক । এই সকলোবোৰ দিশৰ লগত মোকবিলা কৰিবলৈ কৰ'ণা ত্ৰাসৰ সমান্তৰালভাৱে ঠিয় দিছে অসম চৰকাৰৰ কৃষি বিভাগ। ৰাজ্যখনত বিশেষকৈ পশুপালক সকলে সচৰাচৰ উপযুক্ত বজাৰৰ অভাৱৰ সন্মুখীন হ'ব লগা হয় । সাম্প্রতিক সময়ত এই অভাৱ দূৰ কৰিবলৈ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত লোৱা হৈছে কেতবোৰ বিশেষ পদক্ষেপ ।

পূৰ্বৰ চৰকাৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত পশুধন বিক্ৰী কেন্দ্ৰ মুকলি কৰিছিল যদিও তাগিদাৰ অভাৱত নিষ্ক্ৰিয় ৰূপ ধাৰণ কৰিছিল বিক্ৰী কেন্দ্ৰ সমূহে । যাৰবাবে কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পুনৰ গোলাঘাটৰ বগৰিজেঙত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত নৱ নিৰ্মিত এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই । এইধৰণৰ বিক্ৰী কেন্দ্ৰই পশুপালক সকলক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে অতুল বৰাই ।

ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে নৱপ্ৰজন্মক লাভ উঠাবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে । উক্ত অনুষ্ঠানত মন্ত্ৰী অতুল বৰাক সংগ দিয়ে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে জিলা পশুপালন বিষয়া আৰু জিলা কৃষি বিষয়াই । মন্ত্ৰী অতুল বৰাই বহিঃৰাজ্যৰ পৰা আমদানি হ'ব লগা গাহৰিৰ ফলত থলুৱা কৃষকৰ বহু পৰিমাণে ক্ষতি হ'ব বুলি জনায় ৷

তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ এই বৃহৎ গাহৰি বজাৰখন যাতে হাৰিয়ানা, পাঞ্জাৱ আদিৰ গাহৰি আমদানি নহয় তাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰা হৈছে । অসমৰ গাহৰি আফ্ৰিকান ফিভাৰত আক্রান্ত হোৱাৰ ফলত গাহৰি পালক সকল যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে । এই ক্ষেত্ৰতো বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধীনত পশুধন বিক্ৰী কেন্দ্ৰ মুকলি

লগতে পঢ়ক : লাওখোৱা বুঢ়াচাপৰিত বাঘৰ সফল প্ৰজনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.