ETV Bharat / state

গোলাঘাটত জব্দ লালীগুৰ

author img

By

Published : Jun 20, 2021, 11:46 AM IST

গোলাঘাট আৰক্ষীয়ে শনিবাৰে মেৰাপানীৰ লালীগুৰ মাফিয়াখ্যাত প্ৰদীপ গুপ্তাৰ গুদামত অভিযান চলায় জব্দ কৰে বৃহৎ পৰিমাণৰ লালীগুৰ ৷ আৰক্ষীয়ে গুদামৰ পৰা জব্দ কৰে ১,৪৯৯ টিন লালীগুৰ ৷

গোলাঘাটত জব্দ লালীগুৰ
গোলাঘাটত জব্দ লালীগুৰ

তিতাবৰ, 20b জুন : এইবাৰ ড্ৰাগছৰ সমান্তৰালভাৱে বিষাক্ত লালীগুৰৰ বিৰূদ্ধে অভিযানত নামিছে গোলাঘাট আৰক্ষী (Golaghat Police)। শনিবাৰে গোলাঘাট আৰক্ষীয়ে আবকাৰী বিভাগৰ সহযোগত অভিযান চলাই মেৰাপানীৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা লালীগুৰ । মেৰাপানীৰ লালীগুৰ মাফিয়াখ্যাত প্ৰদীপ গুপ্তাৰ ৰামপুৰ গাঁওস্থিত গুদামত তালাচী চলাই অভিযানকাৰী দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ১,৪৯৯ টিন লালীগুৰ । জব্দকৃত গুৰ সমূহৰ বজাৰ মূল্য প্ৰায় পোন্ধৰ লাখ টকা হ'ব বুলি অনুমান কৰা গৈছে ।

গোলাঘাটত জব্দ লালীগুৰ

অভিযোগ অনুসৰি, প্ৰদীপ গুপ্তাৰ গুদামৰ পৰাই গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তলৈ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে লালীগুৰ যোগান ধৰি অহা হৈছে । বিগত ২০১৯ চনৰ গোলাঘাট চুলাই মদৰ ট্ৰেজেডিৰ পাছতেই লালীগুৰৰ ব্যৱসায় কিছুদিনৰ বাবে শাম কাটিছিল যদিও প্ৰদীপ গুপ্তাৰ নেতৃত্বতেই পুনৰ জিলাখনত লালীগুৰৰ ৰমৰমীয়া ব্যৱসায় চলি আছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । শনিবাৰে আবকাৰী বিভাগে গুৰ সহ প্ৰদীপ গুপ্তাৰ গুদাম ঘৰটো ছীল কৰি দিয়ে ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহত জিলাখনৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে লালীগুৰ সন্দৰ্ভত অভিযান চলাইছিল ৷ ইপিনে, 9 জুনত চেলেংহাট অঞ্চলৰ চেলেং চাহ বাগিচা,টেঙাবাৰী গাঁও, লাওজান আদি অঞ্চলত আৰক্ষীয়ে অভিযান চলায় প্ৰায় 2000 লিটাৰ চুলাই মদৰ লগতে চুলাই প্ৰস্তুতত ব্যৱহাৰ হোৱা বহু পৰিমাণৰ লালীগুৰ জব্দ কৰে ৷

অন্য এক খবৰৰ বাবে: ৰূপহীহাটৰ পুখুৰীত উদ্ধাৰ শিশুৰ ৰহস্যজনক মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.