ETV Bharat / state

বন্যাৰ্তৰ বিলৈ: শেষকৃত্য সমাপনৰ বাবে ঠাইৰ অভাৱ গোলাঘাটত - flood 2020

বোকাখাত সমষ্টিৰ দুখুটিমুখ অঞ্চলৰ বাদল দলে নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত মৃত্যুক সাৱটি লোৱা ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ বৃহত্তৰ অঞ্চলটোত নাই কোনো ওখ ঠাই ৷ সমগ্ৰ অঞ্চলটো ইতিমধ্যে বানে প্লাৱিত কৰাৰ পিছত সম্প্ৰতি এই অভাৱৰ সন্মুখীন হৈছে ব্যক্তিগৰাকীৰ পৰিয়ালবৰ্গ ৷

Lack of space for burial in Golaghat due to flood assam etv bharat news
বন্যাৰ্তৰ বিলৈ
author img

By

Published : Jul 27, 2020, 2:20 PM IST

গোলাঘাট,27 জুলাই: ৰাজ্যত বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে শতাধিক লোকে ৷ নাজল নাথল অৱস্থা সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ খোদ মন্ত্ৰী অতুল বৰাৰ সমষ্টিতে হাৰাশাস্তিৰ সন্মুখীন হৈছে বন্যাৰ্ত ৷ শেহতীয়াকৈ বোকাখাত সমষ্টিৰ দুখুটিমুখ অঞ্চলৰ বাদল দলে নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ যোৰহাট চিকিৎসা মহাবিদ্য়ালয়ত মৃত্যুক সাৱটি লোৱা ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ বৃহত্তৰ অঞ্চলটোত নাই কোনো ওখ ঠাই ৷ সমগ্ৰ অঞ্চলটো ইতিমধ্যে বানে প্লাৱিত কৰাৰ পিছত সম্প্ৰতি এই অভাৱৰ সন্মুখীন হৈছে ব্যক্তিগৰাকীৰ পৰিয়ালবৰ্গ ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীৰ মৃতদেহটো স্থানীয় লোক আৰু জীপাল শ্ৰমিক সংঘৰ সহায়ত টুলুঙা নাৱেৰে লৈ গৈ ঘৰৰ পৰা বহু নিলগত সৎকাৰ কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

Lack of space for burial in Golaghat due to flood assam etv bharat news
বাদল দাসৰ মৃত্যু

ইতিমধ্যে মৃত বাদল দলেক চিকিৎসালয়লৈ নিবলৈ পৰিয়ালে ব্যৱহাৰ কৰিছিল টুলুঙা নাও ৷ যাৰ ফলত বহু পলমকৈ চিকিৎসালয়ত উপস্থিত হৈ ৰোগীগৰাকী মৃত্যুমুখত পৰে ৷ কিন্তু ইয়াৰ পিছতো ৰাইজৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী অতুল বৰাই বানৰ সময়ছোৱাত সমষ্টিবাসীৰ খবৰ ল’বলৈ এবাৰো আহৰি নাপালে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,ক্ৰমাৎ নিয়ন্ত্ৰণৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি ৷ সোমবাৰৰ দিনটোলৈকে ৰাজ্যৰ 22 খন জিলাত অপৰিৱৰ্তিত হৈ আছে বান ৷

বন্যাৰ্তৰ বিলৈ

লগতে চাওকঃ অচিনাক্ত বাহনৰ খুন্দাত বেজেৰাত লতামাকৰিৰ মত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.