ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 28, 2020, 4:13 PM IST

অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা কৃষক নেতা কোনো অপৰাধী নহয় ৷ গতিকে অতি শীঘ্ৰে অখিল গগৈক মুকলি কৰিবলা দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

KMSS Protest Against Govt At Golaghat
অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ

গোলাঘাট, 28 জুলাইঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাট জিলাৰ নুমলীগড়ৰ তেলগৰমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সদস্য সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

'কা' আন্দোলনত জড়িত থকাৰ অভিযোগত দীৰ্ঘ দিন ধৰি কৃষক নেতা অখিল গগৈকে ধৰি কেইবাজনো নেতাক চৰকাৰে ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে ৷ কাৰাবন্দী কৃষক নেতা কেইজনৰ মুকলিৰ দাবীত ইতিমধ্যে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঠিক একেদৰে মঙ্গলবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ তেলগৰমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিৰ নেতৃত্বত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলটো ৷ ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ো অংশ লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ লগতে কাৰাবন্দী নেতা কেইজনক যদি অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- এ আই ইউ ডি এফ আৰু অগপ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.