ETV Bharat / state

দেৰগাঁৱত বেংকৰ ভুৱা মেনেজাৰঃ ঋণৰ প্ৰলোভণেৰে লুটিলে গাঁঁওবাসীক

দেৰগাওঁ এলাহাবাদ বেংকৰ ফিল্ড মেনেজাৰ বুলি চিনাকি দি খুমটাইৰ বিভিন্ন অঞ্চলত ধন লুটিছিল দুই যুৱকে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আটক সুনীল সিং নামৰ অভিযুক্ত ৷ বৰ্তমানেও পলাতক অৱস্থাত পাৰ্থপ্ৰতিম বৰা নামৰ আন এজন অভিযুক্ত

author img

By

Published : Jun 5, 2019, 5:19 PM IST

লোণ দিয়াৰ নামত ধনৰ আত্মসাত দুষ্ট চক্ৰৰ

খুমটাই, 5 জুনঃ খুমটাইত দুই যুৱকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ ৷ গৰিয়াজানৰ সুনীল সিং আৰু গোলাঘাটৰ পাৰ্থপ্ৰতিম বৰা নামৰ দুই যুৱকে দেৰগাওঁ এলাহাবাদ বেংকৰ কৰ্মচাৰী বুলি চিনাকি দি ভুৱা বেংক একাউণ্ট খুলি কেইবা লাখ টকা আত্মসাত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ দেৰগাওঁ এলাহাবাদ বেংকৰ মেনেজাৰ বুলি চিনাকি দি বিগত কিছুদিনৰ পৰা খুমটাই, শাওতলি, বাদুলিপাৰ,গৰিয়াজান অঞ্চলৰ সাধাৰণ ৰাইজৰ পৰা ১১শ টকাকৈ সংগ্ৰহ কৰি আহিছিল এই দুষ্ট চক্ৰটোৱে ৷

লোণ দিয়াৰ নামত ধনৰ আত্মসাত দুষ্ট চক্ৰৰ

মঙলবাৰে এই চক্ৰটোৱে গৰিয়াজানৰ সুনীল সিঙৰ ঘৰত ধন সংগ্ৰহ কৰি থাকোতেই স্থানীয় লোকে এলাহাবাদ বেংকত যোগাযোগ কৰি এই ঘটনাটোৰ বিষয়ে বেংক মেনেজাৰক অৱগত কৰে । বেংকৰ মেনেজাৰে এই কামত জড়িত যুৱক কেইজন বেংকৰ কৰ্মচাৰী নহয় বুলি জানিবলৈ দিয়ে । এই ঘটনাৰ বিষয়ে ভুক্তভোগী লোক সকলৰ মাজত বিয়পি পৰাৰ লগে লাগে পাৰ্থপ্ৰতিম বৰা নামৰ প্ৰৱঞ্চকটো উক্ত স্থানৰ পলাই যাবলৈ সক্ষম হয় ৷ স্থানীয় ৰাইজে সুনীল সিঙক আবদ্ধ কৰি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে আৰু স্থানীয় আৰক্ষী উপস্থিত হৈ সুনীল সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ বছৰি এক শতাংশকৈ কিয় হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ?

Intro:খুমটাইৰ গৰিয়াজানৰ সুনীল সিং আৰু গোলাঘাটৰ প্ৰাথপ্ৰতিম বৰা নামৰ দুজন যুৱকে দেৰগাও এলাহাবাদ বেংকৰ কৰ্মচাৰী বুলি চিনাকি দি ভুৱা বেংক একাউণ্ট খুলাই কে চি চি লোন দিয়াৰ নামত কেইবা লাখ টকা আত্মসাত কৰাৰ ঘটনা সংঘটিত হৈছে।Body:খুমটাই, শাওতলি, বাদুলিপাৰ,গৰিয়াজান এই বৃহৎ গাওঁ সমূহৰ সাধাৰণ জনসাধাৰণৰ পৰা দেৰগাও এলাহাবাদ বেংকৰ ফিল মেনেজাৰ বুলি চিনাকি দি প্ৰায় ৬০০ব্যক্তিৰ পৰা বেংক একাউণ্ট খুলাই কে চি চি লোন দিয়াৰ বিভিন্ন পলোভন দেখুৱাই সকলো ৰে পৰা ১১শ টকাকৈ সংগ্ৰহ কৰি কেইবা লক্ষ্য টকা আত্মসাত কৰিছে এই দুষ্ট চক্ৰ টোৱে। যোৱা কালিও এই চক্ৰ টোৱে গৰিয়াজানৰ সুনীল সৃংৰ ঘৰত বহু ব্যক্তিৰ পৰা লোন দিয়াৰ নামত ধন সংগ্ৰহ কৰি থাকোতে স্থানীয় কেইজন সচেতন যুৱকৰ সন্দেহ উপজাত দেৰগাও এলাহাবাদ বেংকত যোগাযোগ কৰি এই ঘটনা টোৰ বিষয়ে বেংক মেনেজাৰক অৱগত কৰে।বেংকৰ মেনেজাৰে এই কামত জড়িত যুৱক কেইজন বেংকৰ কৰ্মচাৰী নহয় বুলি জানিবলৈ দিয়ে। এই ঘটনাটোৰ বিষয়ে ভুক্তভোগী লোক সকলক মাজত বিয়পি পৰাৰ লগে লাগে প্ৰাথপ্ৰতিম বৰা নামৰ প্ৰৱঞ্চকটো উক্ত স্থানৰ পলাই যাবলৈ সক্ষম হয়।আৰু গৰিয়াজানৰ সুনীল সিংক স্থানীয় ৰাইজে আবদ্ধ কৰি এক হুলস্থুলীয়া পৰিবেষৰ সৃষ্টি কৰে।আৰু লগে লাগে স্থানীয় আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ সুনীল সিংক কৰায়ত্ত কৰে। ভুক্তভোগী স্থানীয় ৰাইজে পলাই যাবলৈ সক্ষম হোৱা বেংকৰ ফিল মেনেজাৰ হিচাপে ভুৱা পৰিচয় দিয়া প্ৰাথপ্ৰতিম বৰাক সোনকালে কৰায়ত্ত কৰিবলৈ দাবী জনায়।Conclusion:Byte-- ১/ভুক্তভোগী ব্যক্তি।
২/ ভুক্তভোগী ব্যক্তি।
৩/দুস্কৃতিকাৰী।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.