ETV Bharat / state

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

কৰ্মদক্ষতাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ কৃষিমন্ত্ৰীৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে খুমটাইৰ ঢেকিয়াল সমবায় সমিতিয়ে ৷

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Jun 19, 2019, 5:29 AM IST

Updated : Jun 19, 2019, 7:58 AM IST

গোলাঘাট,19 জুনঃ গোলাঘাট জিলাখনৰ ভিতৰতে আদৰ্শ সমবায় সমিতি হিচাবে জিলিকি উঠিছে খুমটাইৰ ঢ়েকিয়াল সমবায় সমিতি ৷ সমবায় সমিতিখনে কেইবা হাজাৰ হিতাধিকাৰীক চৰকাৰী ভাবে আগবঢ়োৱা সামগ্ৰী সমূহৰ উপৰিও দৈনিক ব্যৱহাৰ কৰা অতাৱশ্যকীয় সামগ্ৰী সমূহ সুলভ মূল্যত যোগান ধৰি আহিছে । ইয়াৰ উপৰিও নিজা পূঁজিৰ পৰা আৰু এপেক্স বেংক (নাবাডৰ্ৰ) যোগেদি অংশীদাৰ সকলক ঋণ প্ৰদান কৰি বিভিন্ন দিশত আগুৱাই নিবলৈ সক্ষম হৈছে । এই সমবায় সমিতি খনে ধনশিৰি নৈৰ পাৰত বহু বিঘা মাটিত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি বৃহৎ অঞ্চলৰ জনসাধাৰণক সুলভ মূল্যত পাচলি যোগান ধৰি আহিছে ।

খুমটাইৰ ঢেকিয়াল সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

ঢেকিয়াল সমবায় সমিতিয়ে যোৱা সময়ছোৱাত ভয়ংকৰ বানৰ কবলত পৰা বানপীড়িত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী বান সাহাৰ্য পূঁজিলৈ আৰ্থিক ভাৱে অনুদান আগবঢ়োৱা কাৰ্যক একে মুখে শলাগ লৈছে অসম বাসী ৰাইজে ৷ ৰাইজক কম মূল্যত টেক্টৰ যোগান ধৰাৰ লগতে 'Micko incurance' নামেৰে প্ৰত্যেক হিতাধিকাৰী একোটিকৈ ক্ষুদ্ৰ বীমা আঁচনিৰ পলিচী খোলাৰ ব্যৱস্থা কৰিছে । এই সমবায় সমিতিখনত বৰ্তমান ২০জন শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম-সংস্থাপন পাবলৈ সক্ষম হৈছে । এই বষৰ্ত মুঠ ৭৮,১৫,৫১৬ টকা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰিছে সমিতি খনে ৷ এই সমবায় সমিতি খনৰ বৰ্তমানৰ সভাপতি মহেন হাজৰিকা আৰু সমিতিখনৰ সমূহ বিষয়ববীয়াৰ একান্ত প্ৰচেষ্টাৰ ফলতেই ৰাজ্যখনৰ ভিতৰতে জিলিকি উঠিবলৈ সক্ষম হৈছে খুমটাইৰ ঢেকিয়াল সমবায় সমিতি ৷

Intro:গোলাঘাট জিলাখনৰ ভিতৰতে আদৰ্শ সমবায় সমিতি হিচাবে জিলিকি উঠিছে খুমটাইৰ ঢ়েকিয়াল সমবায় সমিতি।সমিতি খনৰ কৰ্মদক্ষতাৰ বাবে গোলাঘাট জিলা, অসম চৰকাৰ, আৰু ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰীৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।Body:এই সমবায় সমিতি খনে কেইবা হাজাৰ হিতাধিকাৰীক চৰকাৰী ভাবে আগবঢ়োৱা সামগ্ৰী সমূহৰ উপৰিও দৈনিক ব্যেৱহীত অতাবশ্যকীয় সামগ্ৰী সমুহ সুলভ মূল্যত যোগান ধৰি আহিছে। ইয়াৰ উপৰিও নিজা পূজিৰ পৰা আৰু এপেক্স বেংক( নাবাডৰ্ৰ) (যোগেদি অংশিদাৰ সকলক লোন দি বিভিন্ন দিশত আগুৱাই নিবলৈ সক্ষম হৈছে। এই সমবায় সমিতি খনে ধনশিৰি নৈৰ পাৰত বহু বিঘা মাটিত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি বৃহৎ অঞ্চলৰ জনসাধাৰণক সুলভ মল্যত পাচলি যোগান ধৰি আহিছে।ঢ়েকিয়াল সমবায় সমিতিয়ে যোৱা সময়ছোৱাত ভয়ংকৰ বানৰ কবলত পৰা বান পিৰিত ৰাইজৰ বাবে মূখ্য মন্ত্ৰী বান সাহায্য পূজিলৈ আৰ্থিক ভাবে অনুদান আগ বঢ়োৱা কায্যক একে মূখে সলাগ লৈছে অসম বাসী ৰাইজে।এই সমিতিৰ নিজাববীয়াকৈ এখন টেক্টৰ,এখন ট্ৰাক,আৰু এখন বলেৰ পিক আপ গাড়ী ক্ৰয় কৰিছে।কৃষি কায্যত ব্যৱহাৰ কৰিবৰ বাবে অংশিদাৰি ৰাইজক কম মূল্যত এই টেক্টৰ যোগান ধৰি আহিছে এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণ বহুতো উপকৃত হৈছে বুলি কয় স্থানীয় ৰাইজে। শেহতীয়াকৈ Micko incurance নামেৰে প্ৰত্যেক হিতাধিকাৰিকে একোটিকৈ খুদ্ৰ বিমা আচনিৰ policy খোলাৰ বেৰস্থা কৰিছে। এই সমবায় সমিতি খনত বৰ্তমান ২০জন শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে।বয়নজ্যেতি আচনী নামেৰে ১০টা মহিলা গোটক সূতা যোগান ধৰি বিভিন্ন ধৰণৰ কাপোৰ ববৰ বাবে উৎসাহিত কৰি আহিছে।সমবায় সমিতি খনৰ অন্তৰ্গত দৰিদ্ৰ জনসাধাৰণৰ ছাত্র ছাত্ৰী সকলক আৰু সাস্থ্যৰ ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় কৰিবৰ বাবে ২লাখ টকাৰ ন্যাস পূজিৰ বেৱস্থা কৰিছে।বত্তমান এই সমবায় সমিতি খনে এই বষৰ্ত মুঠ ৭৮,১৫,৫১৬টকা খাদ্য সামগ্ৰীৰ ব্যেৱসায় কৰিবলৈ সক্ষম হৈছে।এই সমবায় সমিতি খনৰ বত্তৰ্মানৰ
সভাপতি মহেন হাজৰিকা আৰু সমিতি খনৰ সমূহ বিষয় ববীয়া একান্ত প্ৰচেষ্টাৰ ফলতেই জিলিকি উঠিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ ভিতৰতে।
Conclusion:Byte-. ১/ সমবায় সভাপতি

২/ অংশীদাৰ
খুমটাইৰ পৰা দিপক হাজৰিকা।
Last Updated : Jun 19, 2019, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.