ETV Bharat / state

কৰ্তব্যৰ মাজতেই খুমটাই আৰক্ষীয়ে মাৰিলে বিহু

author img

By

Published : Apr 15, 2020, 8:40 PM IST

এপাক নাচি,বিহু গীতেৰে হেঁপাহৰ ৰঙালীক আদৰিলে খুমটাই আৰক্ষীয়ে ৷

Khumtai Police Celebrated Rongali Bihu
কৰ্তব্যৰ মাজতেই খুমটাই আৰক্ষী চকীৰ চৌহদত বিহুৰ উছাহ

খুমটাই,15এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে লক ডাউন ৷ তাৰ সমান্তৰালভাৱে হেঁপাহৰ ৰঙালী বিহু এতিয়া ঘৰৰ চোতালত ৷ তথাপি জনসাধাৰণক সুৰক্ষা দিয়াত ব্যস্ত আৰক্ষী প্ৰশাসন ৷ নিজৰ ব্যস্ততাৰ মাজতে বুধবাৰে দ্বিতীয় ব'হাগৰ দিনা খুমটাই আৰক্ষী চকীৰ আৰক্ষীয়ে থানাৰ চৌহদতেই এপাক কঁকাল ভাঙি নাচি,বিহু গান গাই অনুষ্টুপীয়াকৈ পালন কৰিলে ৰঙালী বিহু৷বিগত ২২ দিন ধৰি দিন ৰাতি এক কৰি কৰ্তব্য কৰা খুমটাই আৰক্ষীয়ে সামাজিক দুৰত্ব বজাই ৰাখি উদযাপন কৰে অসমীয়াৰ স্বাভিমান ৰঙালী বিহুটি ৷ আনহাতে খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৰঙালী বিহুৰ শুভেচ্ছা দিয়াৰ লগতে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলোবোৰ নীতি-নিয়ম মানি চলিবলৈ সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনায় ।

লগতে চাওকঃ কৰিমগঞ্জত আৰক্ষী,চিকিৎসা কৰ্মীক ফুলৰ মালাৰে সম্বৰ্ধনা কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.