- বোকাখাতৰ বাদুলিপাৰাৰ চেওনী গাঁৱৰ কৃষি পথাৰত ধানৰ বিপৰীতে ওলাইছে পতান
- কঠিয়া ৰোৱাৰ ১০ দিনৰ পিছতেই পথাৰত ধানৰ বিপৰীতে ওলাল পতান
- কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ সমষ্টিৰ অন্তৰ্গত গোলোং তেমেৰাত সংঘটিত হৈছে এই ঘটনা
- গাওঁ পঞ্চায়তৰ এজন লোকক কৃষি বিভাগে চৰকাৰীভাৱে যোগান ধৰিছিল বীজ
- গাঁৱখনৰ ১৫ ঘৰ কৃষক পৰিয়ালে প্ৰায় ৩০বিঘা কৃষিভূমিত ৰুইছিল কঠিয়া
- উচিত ক্ষতিপূৰণ দিয়াৰ আহ্বান ভূক্তভোগী পৰিয়ালৰ
কৃষিমন্ত্ৰীৰ সমষ্টিত ধানৰ পৰিবৰ্তে পতান - Khumtai
কঠিয়া ৰোৱাৰ ১০ দিনৰ পিছতেই পথাৰত ধানৰ বিপৰীতে ওলাল পতান
কৃষিমন্ত্ৰীৰ সমষ্টিত ধানৰ পৰিবৰ্তে পতান
- বোকাখাতৰ বাদুলিপাৰাৰ চেওনী গাঁৱৰ কৃষি পথাৰত ধানৰ বিপৰীতে ওলাইছে পতান
- কঠিয়া ৰোৱাৰ ১০ দিনৰ পিছতেই পথাৰত ধানৰ বিপৰীতে ওলাল পতান
- কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ সমষ্টিৰ অন্তৰ্গত গোলোং তেমেৰাত সংঘটিত হৈছে এই ঘটনা
- গাওঁ পঞ্চায়তৰ এজন লোকক কৃষি বিভাগে চৰকাৰীভাৱে যোগান ধৰিছিল বীজ
- গাঁৱখনৰ ১৫ ঘৰ কৃষক পৰিয়ালে প্ৰায় ৩০বিঘা কৃষিভূমিত ৰুইছিল কঠিয়া
- উচিত ক্ষতিপূৰণ দিয়াৰ আহ্বান ভূক্তভোগী পৰিয়ালৰ
Intro:কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল।ৰাজ্যৰ কৃষি মন্ত্ৰীৰ সমষ্টিৰ চেওনী গাঁৱত ধানৰ বিপৰীতে ৰুৱাৰ ১০ দিনৰ পিছতেই ধাৰণ বিপৰীতে ওলাল পতান। Body:অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ সমষ্টিৰ অন্তৰ্গত গোলোংতেমেৰা গাওঁপঞ্চায়তৰ এজন লোকক চৰকাৰী ভাবে কৃষি বিভাগৰ তৰফৰ পৰা কিছুসংখ্যক বিজ যোগান ধৰিছিল। সেই বীজ সমূহ উক্ত স্থানৰ পৰা বাদুলিপাৰাৰ চেওনী গাঁৱৰ ১৫ঘৰ কৃষক পৰিয়ালে প্ৰায় ৩০বিঘা কৃষি ভূমিত কঠিয়া ৰুৱাৰ ২০ দিনৰ পিছতেই ধানৰ ওলোৱা পতক্ষ্য কৰে। লগে লগে কৃষক সকলে সেই ৰুৱাসমূহ ভালদৰে পৰীক্ষা কৰি দেখে যে ধানৰ বিপৰীতে ওলাইছে পতান।সমগ্র ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লাগে সেই স্থানত বিভাগীয় বিষয়া বৰ্গৰ লগতে স্থানীয় বহুৰাইজ উক্ত স্থানত উপস্থিত হয় ।এতিয়া দৰিদ্ৰ কৃষক পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।কিয়নো তেওঁ লোকৰ জীৱিকাৰ একমাত্র পথেই হৈছে কৃষি। ভুক্তভোগী কৃষক পৰিয়াল কেইটাৰ চৰকাৰ তথা তেওঁলোকৰ স্থানীয় বিধায়ক অতুল বৰাৰ ওচৰত এটাই আহ্বান তেওঁলোকক যাতে উচিত ক্ষতিপূৰণৰ বেৱস্থা গ্ৰহণ কৰি পৰিয়াল পোহপাল দিয়াত সহায় কৰে।Conclusion:Byte-. 1/ভুক্তভোগী কৃষক।
খুমটাইৰ পৰা দিপক হাজৰিকা।
খুমটাইৰ পৰা দিপক হাজৰিকা।